ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, বেঞ্চমাৰ্ক সূচকৰ লগতে ঊৰ্ধগামী বিভিন্ন খণ্ডৰ সূচক
আজি ৩৭৪ পইন্ট বাঢ়িছে নিফটি ফিফটি আৰু ১,০৮৯ পইন্ট বাঢ়িছে ছেনছেক্স ।
সোমবাৰে হুৰমূৰকৈ নিম্নগামী হ’লেও আজি ঊৰ্ধগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক । আজি ৩৭৪ পইন্ট বাঢ়িছে নিফটি ফিফটি আৰু ১,০৮৯ পইন্ট বাঢ়িছে ছেনছেক্স ।
দুই বেঞ্চমাৰ্ক সূচকৰ লগতে আজি ঊৰ্ধগামী হৈছে একাধিক খণ্ডৰ সূচক । ১,২৬১ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক । ১,০২৮ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড সূচক । ৯৫৮ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক ।
ভাৰতীয় সূচকৰ লগতে আজি ঊৰ্ধগামী হৈছে চীনা আৰু জাপানী সূচকো । ১,৮৭৬ পইন্ট বাঢ়িছে জাপানী সূচক নিক্কেই । ২৯৯ পইন্ট বাঢ়িছে চীনা সূচক হেংছং ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত অন্যতম ছিলি মংকছ এন্টাৰটেইনমেন্ট, কিনোট ফিনান্সিয়েল, ওৱান পইন্ট ওৱান ছ’লিউশ্যন, টেছিল কেমিকেলছ এণ্ড হাইড্ৰ’ পাৱাৰ আৰু বিনানি ইণ্ডাষ্ট্ৰীজ ।
আজি কি কি কমিল:
আজি নিম্নগামী হয় কানানি ইণ্ডাষ্ট্ৰীজ, DCM ফিনান্সিয়েল ছাৰ্ভিচেছ, ডেলিভাৰী, প্ৰিকট লিমিটেড, ওৱেষ্টাৰ্ণ ইণ্ডিয়া প্লাইউৰ শ্বেয়াৰৰ দাম ।
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।