Share Market News: নিম্নগামী বেঞ্চমাৰ্ক সূচক, চাওক শ্বেয়াৰ বজাৰৰ খবৰ
আজি ৯ এপ্রিল, ভাৰতৰ বজাৰত দেখা গ'ল এক অদ্ভূত মিশ্রিত প্রতিক্রিয়া । ১৩৬ পইন্ট নামিল ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স নামিল ৩৭৯ পইন্ট ।
আজি ৯ এপ্রিল, ভাৰতৰ বজাৰত দেখা গ’ল এক অদ্ভূত মিশ্রিত প্রতিক্রিয়া । ১৩৬ পইন্ট নামিল ভাৰতৰ বেঞ্চমার্ক সূচক নিফটি ফিফটি । আন এক বেঞ্চমার্ক সূচক বিএছই ছেনছেক্স নামিল ৩৭৯ পইন্ট ।
ইয়াৰ উপৰিও আজি নিম্নগামী হয় নিফটি বেংক, নিফটি ফিনান্সিয়েল ছার্ভিচেছ, বিএছই বেংকেক্স, নিফটি নেক্সট ফিফটি, নিফটি হাণ্ড্ৰেড, নিফটি মিডকেপ হাণ্ড্ৰেড আৰু বিএছই হাণ্ড্ৰেডৰ দৰে সূচক ।
আনহাতে নিফটি এফএমচিজি, নিফটি অটোৰ দৰে কেবাটাও খণ্ডৰ সূচক আজি ঊৰ্ধগামী হয় । ইয়াৰ বাহিৰেও ঊৰ্ধগামী হয় নিফটি স্মলকেপ ২৫০, নিফটি মিডকেপ ১৫০ সূচকো ।