Voter Card EPIC Number Controversy: Voter Card-ৰ সৈতে লিংক কৰিব লাগিব Aadhaar নম্বৰ!
নিৰ্বাচন আয়োগে জন্ম-মৃত্যুৰ পঞ্জীয়ন অনুসৰি নিয়মীয়াকৈ নিৰ্বাচনী তালিকা উন্নীতকৰণৰ নিৰ্দেশ দিছে। ঘৰে ঘৰে জৰীপ কৰিবলৈও কোৱা হৈছে। ১৮ বছৰ আৰু তাৰ ওপৰৰ প্ৰতিজন ব্যক্তিয়ে যাতে ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হয় তাৰ বাবে বুথ পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।
ভোটাৰ কাৰ্ডৰ বিতৰ্কৰ মাজতে এতিয়া নিৰ্বাচন আয়োগৰ ডাঙৰ নিৰ্দেশ। বিষয়াসকলক আধাৰ নম্বৰক নিৰ্বাচনী তালিকাৰ তথ্য বা ভোটাৰৰ ৰেকৰ্ডৰ সৈতে সংযোগ কৰিবলৈ কোৱা হৈছে। ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গাইডলাইন প্ৰেৰণ কৰিছে।
নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, আধাৰ নম্বৰক নিৰ্বাচনী তথ্যৰ সৈতে সংযোগ কৰিবলৈ বিষয়াসকলে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, “নিৰ্ভৰযোগ্যভাৱে ভোটাৰক চিনাক্ত কৰিবলৈ আধাৰ আৰু মোবাইল নম্বৰ সংযোগ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে।”
নিৰ্বাচন আয়োগে জন্ম-মৃত্যুৰ পঞ্জীয়ন অনুসৰি নিয়মীয়াকৈ নিৰ্বাচনী তালিকা উন্নীতকৰণৰ নিৰ্দেশ দিছে। ঘৰে ঘৰে জৰীপ কৰিবলৈও কোৱা হৈছে। ১৮ বছৰ আৰু তাৰ ওপৰৰ প্ৰতিজন ব্যক্তিয়ে যাতে ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হয় তাৰ বাবে বুথ পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।
প্ৰসংগক্ৰমে আগতে আধাৰ লিংকিং বাধ্যতামূলক নাছিল। কিন্তু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদক অৱগত কৰে যে নিৰ্বাচনী পঞ্জীয়ন (সংশোধনী) আইনৰ ২৬বি ধাৰা অনুসৰি নিৰ্বাচনী তালিকাত থকা যিকোনো ব্যক্তিয়ে ইচ্ছা কৰিলে নিজৰ আধাৰ নম্বৰ লিংক কৰিব পাৰে।