অভিনয় নহয়, ঘৰত বহিয়ে অভিষেক বচ্চনে বছৰি আয় কৰে কোটি কোটি টকা…
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন। পিছে অভিষেকে কেৱল অভিনয়ৰ পৰা নহয়, বিভিন্ন দিশৰ পৰা ধন উপাৰ্জন কৰে। বছৰি কোটি কোটি টকা উপাৰ্জন কৰে তেওঁ।
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন। এইবাৰ পিছে অভিনয়ৰ বাবে নহয়, অন্য কাৰণত তেওঁ চৰ্চালৈ আহিছে। অভিষেকৰ উপাৰ্জন সন্দৰ্ভত এতিয়া চলিছে বিশেষ চৰ্চা। কোৱা হয়, ঘৰতে বহি অভিষেকে মাহিলী ২০ লাখ টকা পৰ্যন্ত আয় কৰে। এই টকা তেওঁ ঘৰ ভাড়া দি লাভ কৰে।
মুম্বাইৰ জুহুৰ জলছা নামৰ বাংলোটোৰ সমীপতে বচ্চন পৰিয়ালৰ আন দুটা বাংলো আছে। অভিষেক বচ্চনে ভাট আৰু আম্মু নামৰ দুটা বাংলোৰ তলৰ মহলা ভাৰতীয় ষ্টেট বেংকক ভাড়াত দিছে। এই ঘৰ ভাড়াৰ পৰা তেওঁ মাহিলী লাখ লাখ টকা আৰু বছৰ কেইবা কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।