শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Adani Group Companies: ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে

Adani Group Companies: ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে

manas-borah
Manas Borah | Published: 24 Feb 2025 22:30 PM

এক বা দুই কোটি নহয়, এইবাৰ একেলগে ৩০ হাজাৰ কোটিৰ বিনিয়োগ কৰিব আদানী গ্ৰুপে । আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰক সলনি কৰি নিয়োগ সৃষ্টি কৰা।

বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদানী গ্ৰুপে । এক বা দুই কোটি নহয়, এইবাৰ একেলগে ৩০ হাজাৰ কোটিৰ বিনিয়োগ কৰিব আদানী গ্ৰুপে । আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰক সলনি কৰি নিয়োগ সৃষ্টি কৰা। পিছে আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ দ্বাৰা কোনখন ৰাজ্য লাভান্বিত হ’ব জানেনে ?

গৌতম আদানীৰ লগতে কোম্পানীটো চলাই আছে তেওঁৰ দুই পুত্ৰ কৰণ আৰু জীতে। এইবাৰ এই বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে কৰণ আদানীয়ে । কেৰালাত ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে কৰণ আদানীয়ে । আদানী প’ৰ্ট এণ্ড ছেজ লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে কৰণ আদানী । ইনভেষ্ট কেৰালা গ্ল’বেল ছামিটত এই বৃহৎ বিনিয়োগৰ লগতে বৃহৎ নিয়োগ সৃষ্টিৰ কথা ঘোষণা কৰে কৰণ আদানীয়ে ।