শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Gautam Adani News: বিপদত আদানী কোম্পানী! ভৰিব লাগিব ৪২ লাখ টকাৰ জৰিমনা

Gautam Adani News: বিপদত আদানী কোম্পানী! ভৰিব লাগিব ৪২ লাখ টকাৰ জৰিমনা

barasha-misra
Barasha Misra | Published: 07 Feb 2025 22:35 PM

আদানী গ্ৰুপৰ কোম্পানী আদানী উইলমাৰে ফৰ্ম TRAN-1 ত লাভ কৰা ট্ৰেঞ্জিচনেল ক্ৰেডিট অৰ্থাৎ জি এছ টি ব্যৱস্থাত যোগদান কৰাৰ সময়ত লাভ কৰা এবাৰৰ ইনপুট টেক্স ক্ৰেডিটৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ জি এছ টি আইন, ২০১৭ৰ অধীনত ৪১,৯৯,৪৬৫ টকাৰ জৰিমনাৰ বিহা হৈছে।

বিপদত দেশৰ আগশাৰীৰ ব্যৱসায়ী গৌতম আদানীৰ কোম্পানী আদানী উইলমাৰ । GST বিভাগে ৪২ লাখ টকাৰ জৰিমনা বিহিছে কোম্পানীটোক । আদানীৰ এই কোম্পানীটোৱে উৎপাদন কৰে খোৱা তেল । কোম্পানীটোৱে শ্বেয়াৰ বজাৰক দিয়া তথ্যত প্ৰকাশ এই কথা ।

বৃহস্পতিবাৰৰ ব্যৱসায়িক অধিবেশনত আদানি উইলমাৰৰ শ্বেয়াৰ ০.৬৪% হ্ৰাস পাই ২৬৯.৮৫ টকাত ব্যৱসায় হোৱা দেখা গৈছে। ইনপুট টেক্স ক্ৰেডিটৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ জি এছ টি এক্ট, ২০১৭ৰ অধীনত আদানী উইলমাৰৰ ওপৰত এই জৰিমণা বিহা হৈছে।

এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে কোম্পানীটোৰ শ্বেয়াৰ শ্বেয়াৰ বজাৰত তললৈ নামি যায়। আজি কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ১ শতাংশ হ্ৰাস পাই প্ৰতি শ্বেয়াৰত ২৬৯ টকা হয়।আদানী উইলমাৰৰ ব্যৱসায়ত আদানী এণ্টাৰপ্ৰাইজ বা গৌতম আদানীৰ কোম্পানীটোৰ মুঠ অংশীদাৰিত্ব আছিল ৪৪ শতাংশ। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ অন্যতম আগশাৰীৰ ব্যৱসায়িক গোট আদানীয়ে নিজৰ সম্পূৰ্ণ অংশীদাৰিত্ব ২ বিলিয়ন ডলাৰত বিক্ৰী কৰি ব্যৱসায়ৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছিল।