IPL 2025: জাৰ্চি সলনি হ’লেও সামৰ্থ্য একে আছে! বেংগালুৰুৰ পাছত লক্ষ্ণৌৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য KL Rahul

Apr 24, 2025 | 12:15 AM

এই ছিজনত তেওঁলোকৰ প্ৰথমখন মেচ আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে। এই খেলখনৰ পূৰ্বে বিশেষকৈ কে এল ৰাহুলক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হৈছিল । তেওঁ পূৰ্বে খেলি অহা দল দুটাৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰিব সেইলৈ চলিছিল চৰ্চা ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম দিল্লী কেপিটেলছ। প্ৰথম অৱস্থাত দিল্লী কেপিটেলছে ঘৰুৱা মেচ বিশাখাপট্টনমত খেলিছিল। আৰু এই ছিজনত তেওঁলোকৰ প্ৰথমখন মেচ আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে। এই খেলখনৰ পূৰ্বে বিশেষকৈ কে এল ৰাহুলক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হৈছিল । তেওঁ পূৰ্বে খেলি অহা দল দুটাৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰিব সেইলৈ চলিছিল চৰ্চা ।

লক্ষ্ণৌৰ বিৰুদ্ধে প্ৰথমখন খেল খেলা নাছিল কে এল ৰাহুলে। কাৰণ সেইদিনা তেওঁ এটি সন্তানৰ পিতৃ হৈছিল । সেই খেলখনত কঠিন যুঁজৰ অন্তত দিল্লী কেপিটেলছে মাত্ৰ ১ উইকেটত জয়লাভ কৰে। লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হোৱা দিল্লী কেপিটেলছৰ খেলখনৰ পূৰ্বেও অনুৰাগীৰ মাজত একেই উন্মাদনা। অৱশেষত ৰাহুলে নিজৰ পূৰ্বৰ দলৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে । কি কৰিব?

এই আলোচনাৰ এটা কাৰণ হ’ল আৰ চি বিৰ বিৰুদ্ধে বেংগালুৰুৰ খেলপথাৰত জয়লাভ কৰি কে এল ৰাহুলে নিজৰ কৃতিত্ব উদযাপন কৰা দেখা গৈছিল । বেংগালুৰুৰ এজন ল’ৰা। তেওঁৰ আই পি এল কেৰিয়াৰ আৰম্ভ হৈছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰা।