Airtel And SpaceX: ভাৰতত আৰম্ভ হ’ব ষ্টাৰলিংক দ্ৰুত ইণ্টাৰনেট সেৱা, কেনেদৰে লাভৱান হ’ব আপুনি?
ভাৰতী এয়াৰটেলৰ এমডি তথা ভাইচ চেয়াৰমেন গোপাল ভিট্টেলে কয় যে, স্পেচএক্সৰ সৈতে চুক্তি কৰি ভাৰতত ষ্টাৰলিংক সেৱা প্ৰদান কৰাটো এক নতুন আৰম্ভণি । ইয়াৰ দ্বাৰা ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ উপগ্ৰহ সংযোগ প্ৰযুক্তিৰ সুবিধা প্ৰদানৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে ।
অতি সোনকালে ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব ইলন মাস্কে । ইতিমধ্যে ভাৰতৰ বৃহৎ টেলিকম কোম্পানী এয়াৰটেলৰ সৈতে চুক্তিবদ্ধ হৈছে স্পেচএক্স । ষ্টাৰলিংকৰ দ্ৰুতবেগী ইণ্টাৰনেট সেৱা ভাৰতীয় গ্ৰাহকৰ মাজলৈ অনাৰ বাবে ইলন মাস্কৰ স্পেচএক্সৰ সৈতে চুক্তিবদ্ধ হৈছে এয়াৰটেল । এয়াৰটেলৰ আংশীদাৰিত্বৰে চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক আৰম্ভ কৰিব ইলন মাস্কৰ কোম্পানী স্পেচএক্সে ।
এক যৌথ বিবৃতিত কোৱা হৈছে যে, দুয়োটা কোম্পানীয়ে ১১ মাৰ্চত আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰিছে । সকলো অনুমোদন পোৱাৰ পাছত ভাৰতত আৰম্ভ হ’ব স্পেচএক্সৰ Starlink ছেটেলাইট ইন্টাৰনেট সেৱা । ষ্টাৰলিংকত ভাৰতৰ এয়া প্ৰথম অংশীদাৰিত্ব । দেশজুৰি বিস্তৃত ষ্ট’ৰৰ পৰা এয়াৰটেলে এই ষ্টাৰলিংক সেৱা আগবঢ়াব ।