শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগাম আক্ৰমণ সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ পৰা আমিনুল ইছলামৰ আটকলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

পহলগাম আক্ৰমণ সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ পৰা আমিনুল ইছলামৰ আটকলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Updated On: 25 Apr 2025 00:20 AM

কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক উচ্চস্তৰীয় সৰ্বদলীয় বৈঠক। এই বৈঠকৰ অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বৈঠকত সকলো দলে পহলগাম আক্ৰমণক কঠোৰ গৰিহণা দি সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাব বুলি ঐক্যমত পোষণ কৰে।

মঙলবাৰে কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক উচ্চস্তৰীয় সৰ্বদলীয় বৈঠক। এই বৈঠকৰ অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বৈঠকত সকলো দলে পহলগাম আক্ৰমণক কঠোৰ গৰিহণা দি সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাব বুলি ঐক্যমত পোষণ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বৈঠকৰ পিছত সন্ত্ৰাসবাদৰ বিষয়ত কংগ্ৰেছ দল চৰকাৰৰ সমৰ্থনত আছে বুলি মন্তব্য কৰে।

ইফালে পহলগাম আক্ৰমণৰ বিষয়ত বিতৰ্কিত মন্তব্য কৰি আটক হৈছে ধিঙৰ বিধায়ক আমিনুল ইছলাম। বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনীৰ দল এটাই আটক কৰি থানালৈ লৈ আনে বিধায়কগৰাকীক। চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…