Gifts for Child Birth: তিনিটা সন্তান জন্ম দিলে পাব ৫০ হাজাৰ টকা…!

| Mar 10, 2025 | 9:27 PM

এতিয়াৰে পৰা তৃতীয়টো সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে উপহাৰ লাভ কৰিব ৫০ হাজাৰ টকা আৰু এটা গৰু । অৰ্থাৎ তৃতীয়টো সন্তানৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকা আৰ্থিক সাহায্য । যদিহে সন্তানটি ল’ৰা হয় তেন্তে লাভ কৰিব ৫০ হাজাৰ টকাৰ সৈতে এটা গৰু । সন্তানটিৰ নামত মাতৃগৰাকীৰ হাতত গতাই দিয়া হ’ব এই উপহাৰ আৰু সাহায্য । এই কথা ঘোষণা কৰিছে দেশৰ এগৰাকী সাংসদে ।

মাতৃসকলৰ বাবে এটা ডাঙৰ ঘোষণা । এতিয়াৰে পৰা তৃতীয়টো সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে উপহাৰ লাভ কৰিব ৫০ হাজাৰ টকা আৰু এটা গৰু । অৰ্থাৎ তৃতীয়টো সন্তানৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকা আৰ্থিক সাহায্য । যদিহে সন্তানটি ল’ৰা হয় তেন্তে লাভ কৰিব ৫০ হাজাৰ টকাৰ সৈতে এটা গৰু । সন্তানটিৰ নামত মাতৃগৰাকীৰ হাতত গতাই দিয়া হ’ব এই উপহাৰ আৰু সাহায্য । এই কথা ঘোষণা কৰিছে দেশৰ এগৰাকী সাংসদে ।

সাংসদ গৰাকী অন্ধ্ৰপ্ৰদেশৰ । শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শিশুৰ জন্ম হ’লে চৰকাৰৰ পৰা আৰ্থিক সাহায্য দিয়া কথা কৈছিল । তদুপৰি বিভিন্ন উপহাৰ দিয়াৰ দৰে ব্যৱস্থা আৰম্ভ কৰাৰ কথাও কৈছিল। সেই কথাই যেন অনুসৰণ কৰিছে টিডিপিৰ সাংসদ আপ্পালা নাইডুৱে ।