iPhone Production: এপলে বিশ্বৰ কিমান শতাংশ আইফোন ভাৰতত নিৰ্মাণ কৰে?
এতিয়া আইফোন উৎপাদনত চীনতকৈ ভাৰতক অধিক গুৰুত্ব দিছে এপলে । বৰ্তমান এপলৰ ২০ শতাংশ আইফোন নিৰ্মাণ কৰা হয় ভাৰতত ।
মাত্ৰ ১০ বছৰত আইফোন উৎপাদনৰ হাবলৈ পৰিণত হৈছে ভাৰত। এতিয়া আইফোন উৎপাদনত চীনতকৈ ভাৰতক অধিক গুৰুত্ব দিছে এপলে । বৰ্তমান এপলৰ ২০ শতাংশ আইফোন নিৰ্মাণ কৰা হয় ভাৰতত । ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়াৰ আহ্বান জনাইছিল । বিদেশী কোম্পানীসমূহক ভাৰতত সামগ্ৰী নিৰ্মাণ কৰি সমগ্ৰ বিশ্বতে যোগান ধৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ বিভিন্ন কোম্পানী আগবাঢ়ি আহিল। আৰু বিগত ১০ বছৰত ভাৰতত উৎপাদন বৃদ্ধিয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।