শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ চলাবলৈ ধন নাই বাংলাদেশৰ! ৰঙা চীনৰ জালত হেৰুৱাব পাৰে সকলো…

ৰাজনৈতিক অস্থিৰতাৰ মাজতে তীব্ৰ আৰ্থিক সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ। দেশ চলাবলৈ সঘনাই আই এম এফৰ পৰা ঋণ লৈছে বাংলাদেশে।

barasha-sarma
Barasha Sarma | Updated On: 29 Jan 2025 18:02 PM

তীব্ৰ আৰ্থিক সংকটত ভুগি থক বাংলাদেশক ঋণ দিব বিচৰা নাই আই এম এফে। কিয়নো ঋণৰ বাবে সম্পূৰ্ণ চৰ্ত পূৰণ কৰিব পৰা নাই বাংলাদেশ। এই সন্দৰ্ভত আগন্তুক মাৰ্চ মাহত বাংলাদেশ চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) ।

ইয়াৰ মাজতে চীনে সহায়ৰ হাত আগবঢ়াইছে বাংলাদেশলৈ। মহম্মদ ইউনুছে একাধিক অনুৰোধ লৈ চীনৰ কাষ চাপিছিল। সূত্ৰ অনুসৰি চীনৰ ছি জিনপিঙে বাংলাদেশৰ ঋণ পুনৰ্গঠনৰ অনুৰোধ মানি ল’বলৈ নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে। চীনে সুতৰ হাৰ হ্ৰাস, কিছু ঋণৰ ম্যাদ বৃদ্ধি, নতুন ঋণ প্ৰদানৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞই কয় যে, বাংলাদেশৰ সংকট আৰু বাংলাদেশৰ দৃশ্যপটৰ পৰিবৰ্তনৰ সময়চোৱাত চীন হাত সাবতি বহি নাথাকে।

Latest Stories