এইবাৰ ছুইজাৰলেণ্ডে বিপদলৈ ঠেলিলে বাংলাদেশৰ ইউনুছ চৰকাৰক

Updated On: 

31 Jan 2025 22:52 PM

বাংলাদেশৰ মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ সন্মুখীন হৈছে আন এক বিপদৰ। এইবাৰ আমেৰিকাৰ পাছত ছুইজাৰলেণ্ডেও বাংলাদেশক আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে। ছুইজাৰলেণ্ডৰ সাংসদে যোৱা ডিচেম্বৰ মাহৰ পৰাই আৰ্থিক সহায়ৰ পুঁজি প্ৰদান কম কৰাৰ উদ্যোগ লৈছিল। 

বাংলাদেশৰ মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ সন্মুখীন হৈছে আন এক বিপদৰ। দ্বিতীয়বাৰৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ পিছতে পাঁচ দিন পাছতেই ট্ৰাম্পে বাংলাদেশসহ একাধিক ৰাষ্ট্ৰৰ বাবে সকলো ধৰণৰ সাহায্য বন্ধ কৰি দিয়াৰ পিছত বাংলাদেশ চৰকাৰ সমস্যাৰ সন্মুখীন হৈছিল। এইবাৰ আমেৰিকাৰ পাছত ছুইজাৰলেণ্ডেও বাংলাদেশক আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে। ছুইজাৰলেণ্ডৰ সাংসদে যোৱা ডিচেম্বৰ মাহৰ পৰাই আৰ্থিক সহায়ৰ পুঁজি প্ৰদান কম কৰাৰ উদ্যোগ লৈছিল।

এনে সিদ্ধান্ত মৰ্মেই ছুইজাৰলেণ্ডে চলিত বৰ্ষত আন্তৰ্জাতিক সহযোগিতা বাজেটৰ পৰা ১২১ মিলিয়ন ডলাৰ কৰ্তন কৰিছে। দেশখনৰ এনে সিদ্ধান্তৰ দ্বাৰা এতিয়া সমস্যাত পৰিব বাংলাদেশো।