শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
হাছিনাক দেশলৈ ঘূৰাই নিয়াৰ প্ৰচেষ্টাৰে ভাৰতলৈ ইউনুছ চৰকাৰৰ গোপন নথি-পত্ৰ!

হাছিনাক দেশলৈ ঘূৰাই নিয়াৰ প্ৰচেষ্টাৰে ভাৰতলৈ ইউনুছ চৰকাৰৰ গোপন নথি-পত্ৰ!

monjit-dutta
Monjit Dutta | Published: 14 Feb 2025 23:33 PM

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপক্ষে উচটনিৰ অভিযোগ উত্থাপন কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। সমান্তৰালকৈ পদত্যাগৰ পিছৰে পৰা পলাতক হাছিনাক দেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টাও ইউনুছ চৰকাৰে অব্যাহত ৰাখিছে। ইয়াৰে এক পদক্ষেপ হিচাপে ইউনুছ চৰকাৰে নতুন দিল্লীলৈ গোপন নথি-পত্ৰ প্ৰেৰণ কৰিছে।

এতিয়াও অপৰিৱৰ্তিত হৈ আছে বাংলাদেশৰ ৰাজনৈতিক ৰাজনৈতিক পৰিস্থিতি। শেহতীয়াকৈ পুনৰ দেশখনত হিংসাত্মক ঘটনাই গা কৰি উঠিছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপক্ষে উচটনিৰ অভিযোগ উত্থাপন কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। সমান্তৰালকৈ পদত্যাগৰ পিছৰে পৰা পলাতক হাছিনাক দেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টাও ইউনুছ চৰকাৰে অব্যাহত ৰাখিছে। শ্বেখ হাছিনাক দেশলৈ ঘূৰাই নিয়াৰ বাবে বাংলাদেশ চৰকাৰে অৱলম্বন কৰিছে নিতৌ ন ন কৌশল। ইয়াৰে এক পদক্ষেপ হিচাপে ইউনুছ চৰকাৰে নতুন দিল্লীলৈ গোপন নথি-পত্ৰ প্ৰেৰণ কৰিছে।

বৃহস্পতিবাৰে ঢাকাত অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰফিকুল আলমে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।