শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ঘৰুৱা বিমান সেৱাই গঢ়িলে নতুন অভিলেখ, লাভজনক স্থিতিত কোনটো বিমান কোম্পানী ?

ঘৰুৱা বিমান সেৱাই গঢ়িলে নতুন অভিলেখ, লাভজনক স্থিতিত কোনটো বিমান কোম্পানী ?

manas-borah
Manas Borah | Published: 01 Mar 2025 22:29 PM

কৰ’না সময়ছোৱাত যিধৰণে বিমান কোম্পানীসমূহে মন্দাৱস্থাৰে মোকাবিলা কৰিছিল,সেই পৰিস্থিতি ক্ৰমান্বয়ে সলনি হৈ আহিছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত যাত্ৰীৰ সংখ্যা আছিল ১.৪৬ শতাংশ। এই হাৰ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১১.২৮ শতাংশ বেছি।

যোৱা এবছৰত বৃদ্ধি পাইছে ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা । একেসময়তে লাভৰ মুখ দেখিছে কেইবাটাও বিমান কোম্পানীয়ে । কৰ’না সময়ছোৱাত যিধৰণে বিমান কোম্পানীসমূহে মন্দাৱস্থাৰে মোকাবিলা কৰিছিল,সেই পৰিস্থিতি ক্ৰমান্বয়ে সলনি হৈ আহিছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত যাত্ৰীৰ সংখ্যা আছিল ১.৪৬ শতাংশ। এই হাৰ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১১.২৮ শতাংশ বেছি।

সূত্ৰ অনুসৰি, IndiGo ৰ বজাৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। ৬৫.২ শতাংশলৈ বৃদ্ধি পাইছে কোম্পানীটোৰ অংশীদাৰিত্ব। ইয়াৰ বিপৰীতে কিন্তু Air India ৰ বজাৰ অংশীদাৰিত্ব যোৱা মাহত ২৫.৭ শতাংশলৈ হ্ৰাস পাইছে। একে সময়তে লাভজনক স্থিতিত আছে Akash Air আৰু SpiceJet । এই কোম্পানী দুটাৰ বজাৰ অংশীদাৰিত্ব ক্ৰমে ৪.৭ শতাংশ আৰু ৩.২ শতাংশ বৃদ্ধি পাইছে।