শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
হিন্দুৰ বাবে ডাঙৰ শত্ৰু বাওঁপন্থী-উদাৰপন্থী; হিমন্ত বিশ্ব শৰ্মাৰ দাবী

হিন্দুৰ বাবে ডাঙৰ শত্ৰু বাওঁপন্থী-উদাৰপন্থী; হিমন্ত বিশ্ব শৰ্মাৰ দাবী

raj-saikia
Raj Saikia | Published: 03 Mar 2025 19:13 PM

হিন্দুৰ শত্ৰু কোন? ভাৰতত মুছলমানসকল হিন্দুৰ শত্ৰু নেকি? হিন্দু ধৰ্মক দুৰ্বল কৰিছে কোনে? হিন্দু ধৰ্মৰ কথা ক'বলৈ গৈ দেওবাৰে বাওঁপন্থী আৰু উদাৰপন্থীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কলকাতাত বিবেকানন্দ সেৱা সন্মান অনুষ্ঠাত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

হিন্দু ধৰ্মৰ কথা ক’বলৈ গৈ দেওবাৰে বাওঁপন্থী আৰু উদাৰপন্থীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কলকাতাত বিবেকানন্দ সেৱা সন্মান অনুষ্ঠাত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । হিন্দু সম্প্ৰদায়ক দুৰ্বল কৰি তোলাত বাওঁ আৰু উদাৰপন্থীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ তোলে ডঃ শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয় যে, মুছলমান বা খ্ৰীষ্টানসকল হিন্দুৰ বাবে ভাবুকি নহয় । হিন্দুক দুৰ্বল কৰাসকল নিজৰ মাজতে আছে । বাওঁপন্থী আৰু উদাৰসকল হিন্দুৰ বাবে ডাঙৰ বিপদ বুলি উল্লেখ কৰে ডঃ শৰ্মাই ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত চোকা আক্ৰমণ চলাই কয় যে মোগল সম্ৰাট ঔৰংজেবে যেনেকৈ “হিন্দু ধৰ্ম শেষ কৰিব নোৱাৰিলে” তেনেকৈ তেওঁলোকেও “হিন্দু ধৰ্ম শেষ” কৰিব নোৱাৰে ।

ভাৰত এখন “স্বাভাৱিকভাৱে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ” আৰু ইয়াক কোনেও সহনশীলতা আৰু ভাতৃত্ববোধৰ গুণ শিকোৱাৰ প্ৰয়োজন নাই বুলি ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় । নিজৰ এক্স হেণ্ডেলত ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।