ক্ষোভিত ট্ৰাম্প! ডলাৰৰ বিকল্প মুদ্ৰা প্ৰৱৰ্তনৰ দিশে ব্ৰিকছ…
ব্ৰিকছৰ ওপৰত ক্ষোভিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। ইয়াৰ মাজতে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে ভাৰতে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চকুৰ কূটা হৈ পৰিছে ব্ৰিকছ। আজিৰ পৰা প্ৰায় দুটা দশকৰ আগতে ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ অ’নিলে প্ৰথমবাৰৰ বাবে ব্ৰিকছ শব্দটোৰ কথা উল্লেখ কৰিছিল। কিন্তু তেতিয়া তেওঁৰ হয়তো কোনো ধাৰণা নাছিল যে এদিন ব্ৰিকছ বিশ্বৰ অন্যতম শক্তিশালী মিত্ৰজোঁটত পৰিণত হ’ব। যাৰ বাবে প্ৰায়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাবুকি দিয়ে ব্ৰিকছক। ইয়াৰ মাজতে ভাৰতে হ্ৰাস কৰিব বিচাৰিছে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা।