১ টকাত ১ জিবি ডাটা! জানক এই বিশেষ আকৰ্ষণীয় ৰিচাৰ্জ প্লেনৰ বিষয়ে…
BSNL য়ে গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় ৰিচাৰ্জ প্লেন। ইয়াৰ অধীনত গ্ৰাহকে ১ টকাত ১ জিবি ডাটা লাভ কৰিব। চলি থকা আই পি এলৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি এছ এন এলে।
গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিভিন্ন সময়ত টেলিকম কোম্পানীসমূহে আকৰ্ষণীয় ৰিচাৰ্জ প্লেন লৈ আহে। তেনে ধৰণৰ এক প্লেন লৈ আহিছে BSNL য়ে। এই প্লেনৰ অধীনত গ্ৰাহকে ১ টকাত ১ জিবি ডাটা লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, যোৱা কেইটামান মাহৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বি এছ এন এলে। ২০২৪ চনৰ জুলাই মাহত গ্ৰেণ্ড কামবেকৰ পিছৰে পৰা বি এছ এন এলে নিজৰ মোবাইল নেটৱৰ্ক উন্নত কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। শেহতীয়াকৈ কোম্পানীটোৱে নতুন ৰিচাৰ্জ প্লেন আৰম্ভ কৰিছে, যিয়ে ব্যক্তিগত টেলিকম কোম্পানীকো আচৰিত কৰি তুলিছে।