চৰকাৰী চিকিৎসালয়ত স্থাপন কৰা হ’ব কৰ্কট কেন্দ্ৰ: স্বাস্থ্যখণ্ডক লৈ বাজেটত ডাঙৰ ঘোষণা…
Budget 2025 : আজি সংসদত অষ্টমখন বাজেট দাখিল কৰি স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সেয়া হৈছে কৰ্কট ৰোগ নিৰাময়ৰ ওপৰত গুৰুত্ব দিয়া। কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগ কেন্দ্ৰ স্থাপন কৰা হ'ব।
আজি সংসদত অষ্টমখন বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ চৰকাৰী চিকিৎসালয়সমূহত স্থাপন কৰা হ’ব ডে কেয়াৰ কৰ্কট কেন্দ্ৰ। বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰি কয় অহা তিনি বছৰৰ ভিতৰত সকলো জিলা চিকিৎসালয়ত সুলভ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ডে কেয়াৰ কৰ্কট কেন্দ্ৰ মুকলি কৰা হ’ব। ইয়াৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত স্থাপন কৰা হ’ব ২০০টা কেন্দ্ৰ। আজি সংসদত অষ্টমখন বাজেট দাখিল কৰি স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সেয়া হৈছে কৰ্কট ৰোগ নিৰাময়ৰ ওপৰত গুৰুত্ব দিয়া। কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগ কেন্দ্ৰ স্থাপন কৰা হ’ব।