Budget 2025: ৰে’লৱে খণ্ডৰ বাবে কি কি থাকিব নিৰ্মলা সীতাৰমণৰ বাজেটত?
Budget 2025: ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট।বিভিন্ন দিশৰ লগতে ৰে’লৱে বাজেট সন্দৰ্ভতো একাংশৰ মাজত চলিছে সৰৱ চৰ্চা। এইবাৰ বাজেটত ৰে'লৱে সন্দৰ্ভত কোনো ডাঙৰ ঘোষণা কৰিব পাৰে বিত্তমন্ত্ৰীয়ে।
১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট (Budget 2025) । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বস্তু-সামগ্ৰীৰ দামৰ পৰা আৰম্ভ কৰিব আয়কৰ বা বিভিন্ন শিতানৰ বিষয়ে বাজেটত কি উল্লেখ থাকে তাক লৈ এতিয়া চৰ্চা চলিছে। বিভিন্ন দিশৰ লগতে ৰে’লৱে বাজেট সন্দৰ্ভতো একাংশৰ মাজত চলিছে সৰৱ চৰ্চা। আশা কৰা হৈছে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতীয় ৰে’লৰ আন্তঃগাঁথনি, বন্দে ভাৰত শ্লীপাৰ, অমৃত ভাৰত বা বন্দে মেট্ৰ’ নিৰ্মাণ আদিকে ধৰি ভাৰতীয় ৰে’লৱেৰ বাবে ৩ লাখ কোটিতকৈ অধিক টকা আৱন্টন কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এইবাৰ বাজেটত ভাৰতীয় ৰে’লৱেত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ঘোষণা হ’ব পাৰে। ইয়াৰোপৰি বুলেট ট্ৰেইনৰ বাবে বাজেট বৃদ্ধি, টিকট ব্যৱস্থাৰ ক্ষেত্ৰত AI ৰ ব্যৱহাৰ, অমৃত ভাৰত ষ্টেটন আঁচনি আদিৰ ক্ষেত্ৰত কোনো ডাঙৰ ঘোষণা হ’ব পাৰে।