ক’ৰপৰা ক’লৈ চলিব বুলেইট ট্ৰেইন, ৰে’লৱেই চলাইছে পূৰ্ণ প্ৰস্তুতি
দ্ৰুতবেগী ৰে’লসেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই আৰম্ভ কৰিছিল বন্দে ভাৰত ৰে’লৰ চলাচল। এতিয়া বন্দে ভাৰত ৰে’লতকৈও অধিক দ্ৰুতবেগীৰ বুলেইট ট্ৰেইনৰ চলাচল আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে। অৰ্থাৎ বুলেইট ট্ৰেইনৰ বাবে দেশবাসীৰ অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে ৰে’লৱে।
ৰে’লসেৱা দেশত আটাইতকৈ ব্যৱহৃত পৰিৱহণ ব্যৱস্থা হিচাপে বিবেচিত হৈ আহিছে। সেয়ে ভাৰতীয় ৰে’লৱেই জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰেল’সেৱা অধিক উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। দ্ৰুতবেগী ৰে’লসেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই আৰম্ভ কৰিছিল বন্দে ভাৰত ৰে’লৰ চলাচল। এতিয়া বন্দে ভাৰত ৰে’লতকৈও অধিক দ্ৰুতবেগীৰ বুলেইট ট্ৰেইনৰ চলাচল আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে। অৰ্থাৎ বুলেইট ট্ৰেইনৰ বাবে দেশবাসীৰ অপেক্ষাৰ অৱসান ঘটোৱাৰ বাবে আগবাঢ়িছে ৰে’লৱে। জানিব পৰা মতে ৰে’লৱেই বুলেট ট্ৰেইনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে।
এই বুলেইট ট্ৰেইন ক’ৰপৰা চলিব আৰু কোনবোৰ ষ্টেচনক এই ৰে’লসেৱাই সামৰি ল’ব তাৰ তালিকাও প্ৰায় প্ৰস্তুত কৰা হৈছে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰকাশিত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা পশ্চিম বংগৰ হাওৰালৈ চলাচল কৰিব এই দ্ৰুতবেগী বুলেইট ট্ৰেইন।