শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Cancer Vaccine: ছমাহৰ ভিতৰত দেশত উপলব্ধ হ'ব কৰ্কট ৰোগৰ ভেকচিন!

Cancer Vaccine: ছমাহৰ ভিতৰত দেশত উপলব্ধ হ’ব কৰ্কট ৰোগৰ ভেকচিন!

barasha-misra
Barasha Misra | Published: 20 Feb 2025 19:37 PM

কৰ্কট ৰোগৰ বিৰুদ্ধে চলি থকা যুঁজত এখোজ আগুৱাই গৈছে ভাৰত। আগন্তুক পাঁচ-ছয় মাহৰ ভিতৰত সাজু হ’ব মহিলাৰ কৰ্কট ৰোগৰ ভেকচিন । ৯ৰ পৰা ১৬ বছৰৰ ভিতৰৰ ছোৱালীয়ে লাভ কৰিব এই ভেকচিন। এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ।

বৰ্তমান সময়ত বহু মহিলা স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। লগতে বৃদ্ধি পাইছে মুখমণ্ডল আৰু জৰায়ুৰ কৰ্কট ৰোগ। এতিয়া মহিলা কৰ্কট ৰোগৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে কেন্দ্ৰ। এই যুঁজত জয় হ’বলৈ ভেকচিন প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰই। এই সন্দৰ্ভত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাৱে কয় যে কৰ্কট ৰোগৰ ভেকচিনৰ পৰীক্ষাৰ অন্ত পৰাৰ পথত। ইয়াৰ বাবে চলি আছে ট্ৰায়েল। সেই পৰীক্ষা শেষ হোৱাৰ পিছতহে দেশৰ ৯ৰ পৰা ১৬ বছৰ বয়সৰ ছোৱালীয়ে লাভ কৰিব এই ভেকচিন। এই ভেকচিনে স্তন, মুখ আৰু ছাৰ্ভাইকেল কেন্সাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ৫-৬ মাহৰ ভিতৰত এই ভেকচিন উপলব্ধ হ’ব বুলি আশাবাদী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।