শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বছৰত দুবাৰ অনুষ্ঠিত হ'ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা, কেতিয়া পৰা কাৰ্যকৰী হ'ব এই নিয়ম ?

বছৰত দুবাৰ অনুষ্ঠিত হ’ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা, কেতিয়া পৰা কাৰ্যকৰী হ’ব এই নিয়ম ?

manas-borah
Manas Borah | Published: 26 Feb 2025 21:29 PM

CBSE ৰ তথ্য অনুসৰি, সম্পূৰ্ণ পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা । অহা ২০২৬ চনৰ পৰা প্ৰয়োজ্য হ’ব এই নিয়ম । মঙলবাৰে এই নিয়মৰ খচৰাত অনুমোদন জনায় ব’ৰ্ডে।

এতিয়াৰ পৰা এটা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা । অহা ২০২৬ চনৰ পৰা প্ৰয়োজ্য হ’ব এই নিয়ম । মঙলবাৰে এই নিয়মৰ খচৰাত অনুমোদন জনায় ব’ৰ্ডে। ব’ৰ্ডৰ মতে, ফেব্ৰুৱাৰী-মাৰ্চ মাহত দশম শ্ৰেণীৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা আৰু মে’ মাহত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ।

CBSE ৰ তথ্য অনুসৰি, সম্পূৰ্ণ পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰিয়ে বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা । অৱশ্যে নিজ নিজ বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা বা আভ্যন্তৰীণ মূল্যায়ন এবাৰহে দিব পাৰিব শিক্ষাৰ্থীয়ে । একেদৰে দুয়োটা পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে একেটা কেন্দ্ৰতে দিব লাগিব । ইয়াৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীয়ে ভৰিব লাগিব অধিক পৰীক্ষাৰ মাচুল ।