শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সন্মতি অবিহনে পত্নীৰ সৈতে অস্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন অপৰাধ নহয়ঃ ন্যায়ালয়

সন্মতি অবিহনে পত্নীৰ সৈতে অস্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন অপৰাধ নহয়ঃ ন্যায়ালয়

barasha-sarma
Barasha Sarma | Published: 13 Feb 2025 19:51 PM

ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ ব্যাসৰ এজনীয়া বিচাৰপীঠে কয় যে, শাৰীৰিক সম্পৰ্ক বা অস্বাভাৱিক শাৰীৰিক সম্পৰ্কত পত্নীৰ ‘সন্মতি’ গুৰুত্বপূৰ্ণ নহয়।

পত্নীৰ অনুমতি অবিহনে অস্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰা কোনো অপৰাধ নহয়-চত্তীশগড় উচ্চ ন্যায়ালয়ে কৰা এই ৰায়দানৰ পাছতে এতিয়া সৰ্বত্ৰে তীব্ৰ চৰ্চা হৈছে। ১০ ফেব্ৰুৱাৰীত ন্যায়ালয়ে এই ৰায়দান কৰি পত্নীৰ সৈতে অস্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন আৰু হত্যাৰ অভিযোগ অভিযুক্তক শাস্তিৰ পৰা ৰেহাই দিয়ে।

ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ ব্যাসৰ এজনীয়া বিচাৰপীঠে কয় যে, শাৰীৰিক সম্পৰ্ক বা অস্বাভাৱিক শাৰীৰিক সম্পৰ্কত পত্নীৰ ‘সন্মতি’ গুৰুত্বপূৰ্ণ নহয়। যদি পত্নীৰ বয়স ১৫ বছৰৰ তলত নহয় তেন্তে স্বামীয়ে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা ধৰ্ষণ বুলি ক’ব নোৱাৰি। কিয়নো অস্বাভাৱিক শাৰীৰিক সম্পৰ্কৰ বাবে পত্নীৰ সহমতিৰ গুৰুত্ব নাথাকে ন্যায়ালয়ৰ মতে, আই পি চিৰ ৩৭৬ আৰু ৩৭৭ নং ধাৰাত কৰা অভিযুক্তৰ বিৰুদ্ধে অপৰাধ ৰুজু কৰিব নোৱাৰি।