বিপদত পৰিব নেকি ভাৰত? সামৰিক শক্তি বৃদ্ধি চীন-পাকিস্তানৰ , Video
সামৰিক শক্তি বৃদ্ধিৰ চেষ্টা চীন চৰকাৰৰ। সামৰিক শক্তি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ পদক্ষেপ। নতুন বিত্তীয় বৰ্ষত সামৰিক শক্তি বৃদ্ধিৰ বাবে অতিৰিক্ত বাজেট আবণ্টনৰ কথা ঘোষণা কৰিছে চীন চৰকাৰে।
বিপদত পৰিব নেকি ভাৰত? চীন-পাকিস্তানে মিলি শংকাত পেলাব নেকি দেশক? শেহতীয়াকৈ সংঘটিত কিছু ঘটনাৰাজিয়ে এই এই সন্দেহে একাংশৰ মনত উত্থাপন কৰিছে। তথ্য অনুসৰি সামৰিক শক্তি বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চীন-পাকিস্তানে। এই ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সহায় কৰিছে চীন চৰকাৰে। ইতিমধ্যে চীন পাকিস্তানত চাবমেৰিন যোগান ধৰিছে। কেৱল ইমানেই নহয়, চীনে পাকিস্তানক যুদ্ধ জাহাজ দিয়াৰ বাবেও প্ৰস্তুতি চলাই আছে।