বাহনৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নীতিঃ ৩১ মাৰ্চৰ পিছত এইসমূহে বাহনে ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ’ল-ডিজেল
চলিত মাৰ্চ মাহ সমাপ্ত হোৱাৰ লগে লগে একাংশ বাহনৰ গৰাকী সন্মুখীন হ’ব এক কঠোৰ নিষেধাজ্ঞাৰ। এই বিশেষ বাহনসমূহে ৩১ মাৰ্চৰ পৰা আৰু তেল ডিপোৰ পৰা পেট্ৰ’ল তথা ডিজেল ক্ৰয় কৰিব। চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ ফলস্বৰূপে এনে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব কিছুমান বিশেষ বাহন।
চলিত মাৰ্চ মাহ সমাপ্ত হোৱাৰ লগে লগে একাংশ বাহনৰ গৰাকী সন্মুখীন হ’ব এক কঠোৰ নিষেধাজ্ঞাৰ। এই বিশেষ বাহনসমূহে ৩১ মাৰ্চৰ পৰা আৰু তেল ডিপোৰ পৰা পেট্ৰ’ল তথা ডিজেল ক্ৰয় কৰিব। চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ ফলস্বৰূপে এনে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব কিছুমান বিশেষ বাহন। সদ্য ক্ষমতাসীন দিল্লীৰ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। দিল্লী চৰকাৰে ৩১ মাৰ্চৰ পিছৰ পৰা ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহন আৰু ১০ বছৰ পুৰণি ডিজেল চালিত বাহনে তেল ডিপোত ইন্ধন ক্ৰয় কৰিব নোৱাৰিব বুলি অধিসূচনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবেই দিল্লীৰ চৰকাৰে এতিয়া এনে পন্থা গ্ৰহণ কৰিছে।