শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কোনে প্ৰথম SMS কৰিছিল জানেনে?

কোনে প্ৰথম SMS কৰিছিল জানেনে?

barasha-misra
Barasha Misra | Published: 15 Mar 2025 20:08 PM

সেই সময়ত ২২ বছৰীয়া ব্ৰিটিছ প্ৰগ্ৰেমাৰ নীল পাপোয়াৰ্থে কম্পিউটাৰৰ পৰা প্ৰথম SMS পঠিয়াইছিল আৰু তাৰ পিছত এইদৰে বাৰ্তা প্ৰেৰণৰ আৰম্ভণি হৈছিল।

হোৱাটছএপ অহাৰ আগতে মেছেজ কৰাৰ একমাত্ৰ উপায় আছিল এছএমএছৰ জৰিয়তে। বহুতে চুটি মেছেজৰ জৰিয়তে আপোনজনৰ আগত নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছিল। কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে এই এছএমএছ কেনেকৈ আৰম্ভ হ’ল?

১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰথম এছএমএছ লিখা হৈছিল। ৩১ বছৰ পূৰ্বে সেইদিনটোত লিখা হৈছিল ‘মেৰী খ্ৰীষ্টমাছ’। ১৫ টা আখৰৰ এই বাৰ্তাটো ভোডাফোনৰ নেটৱৰ্কৰ জৰিয়তে লিখিছিল নীল পাপোয়াৰ্থে। ভোডাফোনৰ কৰ্মী ৰিচাৰ্ড জাৰ্ভিছে সেই বাৰ্তা লাভ কৰিছিল।

সেই সময়ত ২২ বছৰীয়া ব্ৰিটিছ প্ৰগ্ৰেমাৰ নীল পাপোয়াৰ্থে কম্পিউটাৰৰ পৰা প্ৰথম SMS পঠিয়াইছিল আৰু তাৰ পিছত এইদৰে বাৰ্তা প্ৰেৰণৰ আৰম্ভণি হৈছিল।

পিছত পেপোয়াৰ্থে কয়, “১৯৯২ চনত মোৰ কোনো ধাৰণা নাছিল যে টেক্সটিং ইমান জনপ্ৰিয় হ’ব, ইমানবোৰ এপ সৃষ্টি হ’ব।” ব্ৰিটিছ টেলিকম কোম্পানী ভোডাফোনে যোৱা বছৰ NFT হিচাপে এই এছএমএছ নিলাম কৰিছিল।