Indian Navy: ভাৰতীয় নৌসেনাৰ হাতত নতুন অস্ত্ৰ
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে, নৌসেনাৰ বাবে এই পৰীক্ষা গুৰুত্বপূর্ণ মাইলৰ খুঁটি, কাৰণ এই মিছাইলৰ সক্ষমতাই প্ৰমাণিত কৰিছে যে ই যিকোনো শত্রুৰ শক্তি ধ্বংস কৰিবলৈ সক্ষম।
শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই চণ্ডীপুৰৰ ITRৰ পৰা নৌ জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র (NASM-SR)ৰ সফল উৎক্ষেপণ কৰিছে।
ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তেও ডি আৰ ডি অ’ই এই কথা নিশ্চিত কৰিছে। ইয়াৰ উপৰিও কোৱা হৈছে যে, এই মিছাইলটোত মেন-ইন-লুপ বৈশিষ্ট্য আছে। এই ক্ষেপণাস্ত্ৰৰ এটা আঘাতে যিকোনো সৰু জাহাজ ধ্বংস কৰিব পাৰিব।
ডি আৰ ডি অ’ই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “ডি আৰ ডি অ’ আৰু ভাৰতীয় নৌসেনাই ২৫ ফেব্ৰুৱাৰীত চণ্ডীপুৰৰ ITRৰ পৰা নৌসেনাৰ Anti Ship Missile ৰ সফলতাৰে উৎক্ষেপণ কৰিছে। এই পৰীক্ষাই মিছাইলটোৰ মেন-ইন-লুপ বৈশিষ্ট্যৰ প্ৰমাণ দিছে। সৰ্বোচ্চ ৰেঞ্জত ছি-স্কিমিং মোডত সৰু জাহাজত চিধাই আঘাত কৰিব।”