পুনৰ খণ্ডিত হ’ব নেকি পাকিস্তান? গঠন হ’ব আন এখন পৃথক ৰাষ্ট্ৰ!

Feb 22, 2025 | 10:38 PM

১৯৭১ চনত পাকিস্তানৰ পৰা পূব পাকিস্তান পৃথক হৈ বাংলাদেশ নামেৰে এখন নতুন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল। বাংলাদেশ গঠনৰ ৫৪টা বৰ্ষৰ পিছত পুনৰ পাকিস্তানৰ পৰা ফালৰি কাটি আন এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ কুচকাৱাজ চলিছে।

আভ্যন্তৰীণ ৰাজনৈতিক ঘটনাৱলীৰ বাবে বিগত সময়ছোৱাত সংবাদ শিৰোনাম হৈ আহিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। দেশৰ এটা অংশত পৃথক ৰাষ্ট্ৰৰ দাবীৰে বিগত কেইবাটাও বৰ্ষ ধৰি চলি আহিছে ব্যাপক আন্দোলন। এই আন্দোলনে এতিয়া পাকিস্তানক পুনৰ এবাৰ দ্বিখণ্ডিত কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। ১৯৭১ চনত পাকিস্তানৰ পৰা পূব পাকিস্তান পৃথক হৈ বাংলাদেশ নামেৰে এখন নতুন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল। বাংলাদেশ গঠনৰ ৫৪টা বৰ্ষৰ পিছত পুনৰ পাকিস্তানৰ পৰা ফালৰি কাটি আন এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ কুচকাৱাজ চলিছে।

স্বাধীন বেলুচিস্তানৰ দাবীৰে পাকিস্তানত দীৰ্ঘসময় ধৰি আন্দোলন অব্যাহত আছে। পাকিস্তানৰ এগৰাকী সাংসদ তথা জমিয়ত উলেমা-ই-ইছলামৰ সভাপতি মৌলানা ফজলুৰ ৰেহমানে সংসদতে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে।