কংগ্ৰেছীক আক্ৰমণৰ পৰা আই পি এললৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
পহলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে দেশৰ পৰা পাকিস্তানী নাগৰিকৰ বিতাড়ণ অব্যাহত থকাৰ সময়তে তিনিচুকীয়া জিলাত বাস কৰা এগৰাকী পাকিস্তানী মহিলাৰ বিতাড়ণ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৬ চনত লং টাৰ্ম ভিছা লৈ অসমলৈ আহিছিল এই মহিলাগৰাকী।
নগাঁও জিলাৰ ধিঙত কংগ্ৰেছ নেতাৰ ওপৰত হোৱা আক্ৰমণক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। মুখ্যমন্ত্ৰীক দোষাৰোপ কৰি এয়া বিজেপি সমৰ্থকে সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, গৌৰৱ গগৈ সমন্বিতে বিভিন্নজন কংগ্ৰেছ নেতাই। ইফালে পহলগাম আক্ৰমণৰ পিছতে পাকিস্তান সমৰ্থনমূলক মন্তব্য কৰাৰ অভিযোগত বৰ্তমানলৈকে অসমত ২২ গৰাকী লোক গ্ৰেপ্তাৰ হৈছে। ধৃত এই লোকসকলৰ ভিতৰত আছে বিধায়ক আমিনুল ইচলামো।