শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা ৰোধ কৰিবলৈ পৌৰ নিগমে লগালে বিশেষ বেনাৰ

ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা ৰোধ কৰিবলৈ পৌৰ নিগমে লগালে বিশেষ বেনাৰ

raj-saikia
Raj Saikia | Published: 21 Mar 2025 20:58 PM

ৰাজহুৱা পথত মানুহৰ প্ৰস্ৰাৱ বন্ধ কৰাৰ বাবে এক নতুন পৰীক্ষা কৰা হৈছে । মৰ্বিস্থিত পৌৰ নিগমৰ কাৰ্যালয়ৰ বাহিৰত এখন বৃহৎ বেনাৰ লগোৱা হৈছে। বেনাৰখনত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো আছিল । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা বন্ধ কৰিবলৈ পৌৰ নিগমে বিভিন্ন পথতো লগাইছে বৃহৎ বেনাৰ । ইয়াৰ লগতে এটা সতৰ্কবাণীও দিয়া হৈছে যে যদি আপুনি ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰে তেন্তে আপোনাৰ ফটোও বেনাৰত ৰখা হ’ব ।

আমাৰ দেশৰ ভিন্ন স্থানত দেখা এখন সুলভ ছবি হৈছে পথৰ কাষত প্ৰস্ৰাৱ কৰা । ডাঙৰ ডাঙৰ নগৰেই হওক বা সৰু-সুৰা চহৰেই হওক, কেতবোৰ মুকলি স্থানত সুযোগ বুজি মানুহে প্ৰস্ৰাৱ কৰা দেখা যায় । যিয়ে কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে । বাকী জাৱৰৰ দ’মবোৰতো আছেই । কেতিয়াবা এনে পৰিস্থিতি হয় যে মানুহে খোজ দিবলৈও চিন্তাত পৰে লেতেৰা স্থানৰ বাবে । কিন্তু এখন পৌৰসভাই এই প্ৰক্ৰিয়া ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ।

গুজৰাটৰ মৰ্বিত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলে যাতে চহৰখন প্ৰদূষিত নকৰে তাৰ বাবে পৌৰ নিগমে এক অভিনৱ পদক্ষেপ হাতত লৈছে । মৰ্বিত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলক সতৰ্ক কৰি দিয়া হৈছে এখন বৃহৎ বেনাৰৰ দ্বাৰা ।

ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলে যাতে চহৰখন প্ৰদূষিত নকৰে তাৰ বাবে পৌৰ নিগমে এক অভিনৱ পদক্ষেপ হাতত লৈছে । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলক সতৰ্ক কৰি দিয়া হৈছে এখন বৃহৎ বেনাৰৰ দ্বাৰা । বিভিন্ন ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো লগোৱা হৈছে বেনাৰখনত । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ বাবে পৌৰ নিগমে বেনাৰত লিখিছে সতৰ্কবাণী ।

মৰ্বিস্থিত পৌৰ নিগমৰ কাৰ্যালয়ৰ বাহিৰত লগোৱা হৈছে এখন বৃহৎ বেনাৰ । বেনাৰখনত সন্নিবিষ্ট কৰা হৈছে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো । ৰাজহুৱা স্থানত মানুহৰ প্ৰস্ৰাৱ কৰা কাৰ্য বন্ধ কৰাৰ বাবে পৌৰ নিগমে আৰম্ভ কৰিছে এক নতুন পৰীক্ষা । বিভিন্ন ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো লগোৱা হৈছে বেনাৰখনত । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ বাবে পৌৰ নিগমে বেনাৰত লিখিছে সতৰ্কবাণী । কেবাখনো ফটোৰ লগতে এটা প্ৰশ্নবোধক চিহ্ন আঁকি ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে আপোনাৰ ফটোও বেনাৰত সন্নিবিষ্ট হ’ব বুলি সকীয়াই দিছে পৌৰ নিগমে ।