H1N1 Virus: মানুহৰ দেহলৈ বিয়পিছে ছোৱাইন ফ্লু, ৬ জনৰ মৃত্যুৰ খবৰ
নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ এক পৰিসংখ্যা অনুসৰি নতুন বছৰত ছোৱাইন ফ্লুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। দিল্লী, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে প্ৰায় ৫১৬ জন লোক।
মানুহৰ শৰীৰত দেখা দিছে গাহৰিৰ জ্বৰে ! প্ৰথমে জ্বৰ, কাহ, তাৰ পিছত পৰিস্থিতি অধিক বেয়া হ’লে আৰম্ভ হয় বমি, ডায়েৰিয়া । লক্ষণবোৰ কৰ’নাৰ লগত বহুত মিল আছে যদিও ই ক’ৰ’না নহয়। নতুন বছৰতে দেশত বাঢ়িছে শংকা। যোৱা তিনিমাহত বিভিন্ন ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫১৬ জন।
অৱশ্যে এই ৰোগ একেবাৰে নতুন নহয়। এই ৰোগ বহুদিন আগতে চিনাক্ত কৰা হৈছে। কোৱা হয় যে, এসময়ত গাহৰিৰ শৰীৰত এই ৰোগে দেখা গৈছিল। কিন্তু মাজে মাজে এই ৰোগৰ বেক্টেৰিয়া মানুহৰ শৰীৰটো প্ৰৱেশ কৰে। এই ৰোগ বিধৰ নাম হৈছে ছোৱাইন ফ্লু বা H1N1 ভাইৰাছ।
এনচিডিচিৰ এক প্ৰতিবেদন অনুসৰি কেৱল ২০২৪ চনত ছোৱাইন ফ্লু আক্ৰান্তৰ সংখ্যা ২০ হাজাৰতকৈ অধিক আছিল। ইয়াৰে ৩৪৭ জন লোকৰ মৃত্যু হয়। ২০১৯ চনত এই সংখ্যাই আৰু এখোজ আগবাঢ়িছিল। সেই সময়ত ২৮ হাজাৰৰো অধিক লোক ছোৱাইন ফ্লুত আক্ৰান্ত হৈছিল। ১২০০ লোকৰ মৃত্যু হৈছিল।