শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বাংলাদেশৰ পাছত পাকিস্তান! এইবাৰ আক্ৰমণ হিন্দু মন্ত্ৰীক

বাংলাদেশৰ পাছত পাকিস্তান! এইবাৰ আক্ৰমণ হিন্দু মন্ত্ৰীক

barasha-sarma
Barasha Sarma | Published: 22 Apr 2025 06:44 AM

সুৰক্ষিত নহয় হিন্দু! বাংলাদেশৰ পাছত এইবাৰ পাকিস্তানত আক্ৰমণ হিন্দু নেতাক। জানিব পৰা মতে, এগৰাকী হিন্দু মন্ত্ৰীক আক্ৰমণ কৰে একাংশই। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে।

বাংলাদেশৰ পিছত এতিয়া পাকিস্তান। আক্ৰমণৰ বলি হৈছে এজনৰ পাছত আনজন হিন্দু নেতা। কিছুদিন পূৰ্বে বাংলাদেশত ভৱেশ চন্দ্ৰ ৰায় নামৰ হিন্দু নেতাজন হত্যাৰ বলি হৈছিল। ঘৰৰ পৰা অপহৰন কৰি মাৰপিট কৰি হত্যা কৰিছিল নেতাজনক। এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰখন পাকিস্তানত আক্ৰমণ বলি হৈছে এগৰাকী হিন্দু মন্ত্ৰী।

দেওবাৰে পাকিস্তান মুছলিম লীগ-নৱাজৰ সাংসদ খেল দাস কোহিস্তানীক একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে। জানিব পৰা মতে, দেশখনৰ দক্ষিণ অঞ্চলৰ সিন্ধ প্ৰদেশত চৰকাৰী জলসিঞ্চন প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পৰ বিৰোধিতা কৰিয়েই একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰি আছিল। তেনে সময়তে ধৰ্মীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ কনভয় উক্ত স্থানেৰে গতি কৰাত প্ৰতিবাদকাৰীসকলে তেওঁক আক্ৰমণ কৰে। বৰ্তমান সুস্থ আছে তেওঁ।