শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দ্য হাইজেকড ট্ৰেইন, চাওক কেনেকৈ হাইজেক হৈছিল জাফৰ এক্সপ্ৰেছ

দ্য হাইজেকড ট্ৰেইন, চাওক কেনেকৈ হাইজেক হৈছিল জাফৰ এক্সপ্ৰেছ

raj-saikia
Raj Saikia | Published: 13 Mar 2025 20:06 PM

আনদিনাৰ দৰে ১১ মাৰ্চতো জাফৰ এক্সপ্ৰেছে কোৱেটাৰ পৰা পেছোৱাৰ অভিমুখে যাত্ৰা কৰিছিল । ট্ৰেইনখন যেতিয়াৰ ছিবিৰ বেলন পাহাৰৰ এটি সুৰংগৰ মাজেৰে পাৰ হৈছিল তেতিয়া অতৰ্কিতে বিএলএৰ ৮ জন সশস্ত্ৰ সদস্যই ট্ৰেইনত আক্ৰমণ কৰে । জাফৰ এক্সপ্ৰেছৰ ৯ টা দবাত প্ৰায় ৪৫০ গৰাকী যাত্ৰী আছিল ।

চিনেমাৰ দৰে এটা ঘটনা শেহতীয়াকৈ সংঘটিত হ’ল পাকিস্তানত । বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হাইজেক কৰে এখন যাত্ৰীবাহী ট্ৰেইন । তাৰ পাছত বন্দী কৰি ৰাখে ট্ৰেইনৰ ৪৫০ গৰাকী যাত্ৰীক । অৱশেষত উদ্ধাৰ কৰা হ’ল যাত্ৰীসকলক । সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় ৩৩ জন বিএলএ সদস্য । ৩০ ঘন্টীয়া এক ৰুদ্ধশ্বাস পৰিৱেশৰ অন্তত উদ্ধাৰ হয় বন্দীসকলক ।

পাকিস্তানৰ ট্ৰেইনখন কেনেকৈ হাইজেক কৰা হৈছিল তাৰ ভিডিঅ’ শ্বেয়াৰ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । ভিডিঅ’টোত দেখা গৈছে জাফৰ এক্সপ্ৰেছৰ চৌপাশে ঘেৰি ধৰিছে বিএলএৰ সদস্যই । আঠ নং সুৰংগ পাৰ হোৱাৰ সময়তেই ট্ৰেইনৰ সমীপত সংঘটিত কৰা হয় বিস্ফোৰণ । ৰৈ যায় ট্ৰেইনখন । তাৰ পাছত বন্দুকধাৰীয়ে ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি যাত্ৰীসকলক নমাই আনে ।

বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ মজিদ বিগ্ৰেডে এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে । প্ৰথম দিনা প্ৰায় ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰাৰ পাছত ১২ মাৰ্চৰ নিশাৰ ভিতৰত বাকীসকলক উদ্ধাৰ কৰা হয় । এই সংঘৰ্ষত প্ৰায় ৩০ জন পাক সেনা নিহত হোৱা বুলি জানিব পৰা গৈছে । কিন্তু পাক চৰকাৰে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।