নিজৰ কণ্ঠ আৰু অভিজ্ঞতাৰে ক্ৰিকেট মেচক প্ৰাণ দিয়া ধাৰাভাষ্যকাৰে কিমান ধন লাভ কৰে জানেনে?
প্ৰতিখন মেচৰ বাবে ধাৰাভাষ্যকাৰৰ দৰমহা বেলেগ বেলেগ । কনিষ্ঠ ধাৰাভাষ্যকাৰসকলে প্ৰতিদিনে প্ৰায় ৩৫-৪০ হাজাৰ টকা উপাৰ্জন কৰে । আনহাতে অভিজ্ঞ ধাৰাভাষ্যকাৰে দিনটোত ধাৰাভাষ্যৰ বাবে প্ৰায় ৬-১০ লাখ টকা উপাৰ্জন কৰে ।
ক্ৰিকেট মানেই অনুৰাগীৰ বাবে উৎকণ্ঠা । এই উৎকণ্ঠাক অধিক বঢ়াই তোলে ধাৰাভাষ্যকাৰসকলে আগবঢ়োৱা বিবৰণীয়ে । প্ৰাক্তন ক্ৰিকেটাৰসকল এতিয়া ধাৰাভাষ্যকাৰ । তেওঁলোকৰ কণ্ঠস্বৰ, বিশ্লেষণ শুনিবলৈ আগ্ৰহী হৈ থাকে দৰ্শক । আইপিএলতো ধুমুহাৰ দৰে ধাৰাভাষ্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰে । ক্ৰিকেটত ভিন্ন সময়ত ধাৰাভাষ্য কৰে সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, ৰিকি পন্টিং, মেথিউ হেডেন আদিয়ে । দৰ্শকৰ উপভোগ্য কৰি ধাৰাভাষ্য প্ৰদানৰ বাবে মোটা বেতন পায় তেওঁলোকে । একোখন মেচৰ বাবে এজন ধাৰাভাষ্যকাৰে কিমান টকা পায় জানেনে?
২২ গজত তেওঁ বেছি দিন নাথাকিল কিন্তু প্ৰাক্তন অ’পেনাৰ আকাশ চোপ্ৰা এতিয়া কমেণ্টেৰী জগতত যথেষ্ট জনপ্ৰিয় । এটা প’ডকাষ্টত তেওঁক সোধা হৈছিল, কনিষ্ঠ ধাৰাভাষ্যকাৰ আৰু জ্যেষ্ঠ ধাৰাভাষ্যকাৰে কিমান দৰমহা পায় ? সেই প্ৰশ্নৰ উত্তৰত আকাশ চোপ্ৰাই কয় যে প্ৰতিখন মেচৰ বাবে ধাৰাভাষ্যকাৰৰ দৰমহা বেলেগ বেলেগ । কনিষ্ঠ ধাৰাভাষ্যকাৰসকলে প্ৰতিদিনে প্ৰায় ৩৫-৪০ হাজাৰ টকা উপাৰ্জন কৰে । আনহাতে অভিজ্ঞ ধাৰাভাষ্যকাৰে দিনটোত ধাৰাভাষ্যৰ বাবে প্ৰায় ৬-১০ লাখ টকা উপাৰ্জন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে সাধাৰণতে এজন ধাৰাভাষ্যকাৰে ১০০ দিন ধাৰাভাষ্য কৰে । সেই হিচাপ অনুসৰি এবছৰত এজন ধাৰাভাষ্যকাৰে ৬-১০ কোটি টকা উপাৰ্জন কৰে ।
সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, অনিল কুম্বলে, সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰৰ দৰে চেলিব্ৰিটিক প্ৰায়ে বক্সৰ হট চিটত দেখা যায় । ইৰফান পাঠান, মহম্মদ কাইফ, হৰভজন সিঙো এই তালিকাত আছে । শিখৰ ধাৱনে শেহতীয়াকৈ অভিষেক ঘটাইছে । চেতেশ্বৰ পূজাৰা আৰু অম্বতি ৰায়ুডুকো মাইক্ৰ’ফোন দাঙি লোৱা দেখা যায় । বহু সময়ত ছিৰিজ অনুসৰি বিশেষজ্ঞক চুক্তিবদ্ধ কৰা হয় । তেওঁলোকৰ দৰমহাও অভিজ্ঞতা আৰু কথন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে ।