স্বাধীনতাৰ শতবাৰ্ষিকীলৈ বায়ুসেনাই লৈছে বিশেষ লক্ষ্য, সহস্ৰ বিমানেৰে দেখাব শক্তি
২০৪৭ চনত স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব ভাৰতবৰ্ষই। দেশৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ভাৰতীয় বায়ুসেনাই এক বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বিশেষ সময়ছোৱালৈ অনন্য শক্তিধৰ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য লৈছে ভাৰতীয় বায়ুসেনাই।
২০৪৭ চনত স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব ভাৰতবৰ্ষই। দেশৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে ভাৰতীয় বায়ুসেনাই এক বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বিশেষ সময়ছোৱালৈ অনন্য শক্তিধৰ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য লৈছে ভাৰতীয় বায়ুসেনাই। ২০৪৭ চনৰ ভিতৰত ভাৰতীয় বায়ুসেনাই কমেও ১০০০খন যুদ্ধ বিমানেৰে ক্ষমতাশালী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এইদৰে দেশৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰি তোলাৰ লগতে আকাশমাৰ্গত প্ৰভাৱ বজাই ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে ভাৰতীয় বায়ুসেনা।
ইয়াৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সমীকৰণ যি দ্ৰুত হাৰত প্ৰতিদিনে পৰিৱৰ্তিত হৈছে, তাৰ লগত খোজ মিলাবলৈ বায়ুসেনাই এই লক্ষ্যত উপনীত হ’ব লাগিব বুলি মত পোষণ কৰিছে ভাৰতীয় বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলে।