সীমান্তত ‘অবৈধ বাংকাৰ’ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বাধ্য হ’ল বাংলাদেশৰ সীমান্তৰক্ষী…
ভাৰত-বাংলাদেশৰ সীমান্তত আকৌ অবৈধভাৱে বাংকাৰ নিৰ্মাণ বাংলাদেশ সীমান্তৰক্ষীৰ, চমুকৈ বিজিবিৰ । সূত্ৰৰ মতে, কিষানগঞ্জ ছেক্টৰৰ শিলিগুৰি ঠাকুৰগাঁও অঞ্চলৰ কুলিক নদীৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫০ গজৰ ভিতৰত বাংলাদেশ সীমান্তৰক্ষীয়ে নিৰ্মাণ কৰিলে এই বাংকাৰ ।
ভাৰত-বাংলাদেশৰ সীমান্তত আকৌ অবৈধভাৱে বাংকাৰ নিৰ্মাণ বাংলাদেশ সীমান্তৰক্ষীৰ, চমুকৈ বিজিবিৰ । সূত্ৰৰ মতে, কিষানগঞ্জ ছেক্টৰৰ শিলিগুৰি ঠাকুৰগাঁও অঞ্চলৰ কুলিক নদীৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫০ গজৰ ভিতৰত বাংলাদেশ সীমান্তৰক্ষীয়ে নিৰ্মাণ কৰিলে এই বাংকাৰ । বিএছএফৰ সূত্ৰ মতে, বিজিবিৰ ৪২ নং বেটেলিয়নে নিৰ্মাণ কৰিছিল এই অবৈধ বাংকাৰ । অৱশ্যে বিএছএফৰ সকীয়নিৰ পাছতে বাংলাদেশৰ বিজিবিয়ে বন্ধ কৰে এই অবৈধ বাংকাৰ নিৰ্মাণ কাৰ্য। লগতে পৰৱৰ্তী সময়ত এইধৰণৰ অবৈধ নিৰ্মাণৰ কাৰ্য নকৰিবলৈ বাংলাদেশৰ বিজিবিক সকীয়াই দিছে বিএছএফৰ জোৱানসকলে ।