শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
২০২৯ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি ৫০ হাজাৰ কোটিলৈ বৃদ্ধিৰ লক্ষ্য

২০২৯ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি ৫০ হাজাৰ কোটিলৈ বৃদ্ধিৰ লক্ষ্য

raj-saikia
Raj Saikia | Published: 27 Feb 2025 19:41 PM

অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান ৮৮ শতাংশ আত্মনিৰ্ভশীল হৈছে । প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে জনায় যে ২০২৯ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি ৫০ হাজাৰ কোটিলৈ বৃদ্ধি পাব ।

দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক আত্মনিৰ্ভশীল হৈছে ভাৰত । কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে জনোৱা মতে, ২০২৩-২৪ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হৈছে ২৩ হাজাৰ কোটিৰো অধিক । অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান ৮৮ শতাংশ আত্মনিৰ্ভশীল হৈছে । সিঙে জনায় যে ২০২৯ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি ৫০ হাজাৰ কোটিলৈ বৃদ্ধি পাব । আই আই টি মাণ্ডিৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে । সেই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব বুলি কয় । এ আই চিপ প্ৰস্তুত আৰু কোৱান্টাম প্ৰযুক্তি, চাইবাৰ ছিকিউৰিটিৰ ব্যৱহাৰ অধিক বৃদ্ধি কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ সপোন উদ্ভাৱন, বিকাশ, আৰু পৰিৱৰ্তনৰ জৰিয়তে পূৰণ হ’ব । তেওঁ চাইবাৰ সুৰক্ষাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এআই চিপ আৰু এআই চালিত অস্ত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।