৫০০ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিব ভাৰত-আমেৰিকাই
ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বিপাক্ষিক চুক্তিক ‘মিনি ট্ৰেড ডিল’ বা ‘ক্ষুদ্ৰ বাণিজ্য চুক্তি’ বুলি ক’ব পাৰি । এই চুক্তি কিমান সোনকালে বাস্তৱায়িত হ’ব সেয়া আলোচনাৰ জৰিয়তে নিৰ্ণয় কৰা হ’ব বুলিও কয় জ্যেষ্ঠ বিষয়াগৰাকীয়ে । কিন্তু এই চুক্তিক এতিয়াও মুক্ত বাণিজ্য চুক্তি বুলি ক’ব নোৱাৰি ।
বিশ্বজুৰি ভেলেণ্টাইন ডে’ উদযাপনৰ ঠিক পূৰ্বে ১৩ ফেব্ৰুৱাৰীত ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত হয় এক অভিলাষী দ্বিপাক্ষিক বাণিজ্য চুক্তি । এই চুক্তি অনুসৰি ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত হ’ব ৫০০ বিলিয়ন ডলাৰৰ ব্যৱসায় । আৰু তাৰ পিছতে শুল্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত একমতত উপনীত হৈছে ভাৰত আৰু আমেৰিকা দুয়োখন দেশ । এই কথা সদৰী কৰিলে ভাৰত চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াই ।
এই চুক্তিৰ ফলস্বৰূপে ভাৰত আৰু আমেৰিকা উভয়পক্ষই কৃষিজাত সামগ্ৰীৰ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত একেলগে কাম কৰিব । ইয়াৰ উপৰিও দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতলৈ আমেৰিকাৰ উদ্যোগিক সামগ্ৰী ৰপ্তানি আৰু ভাৰতৰ পৰা আমেৰিকালৈ উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতা আগবঢ়োৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।