India-Bangladesh Relation: বন্ধ হ’ল ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা, কি লাভ হৈছিল বাংলাদেশৰ?
বছৰ বছৰ ধৰি চলি অহা ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা এতিয়া বন্ধ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ২০২০ চনত আৰম্ভ হৈছিল ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা। যাৰ অধীনত ভাৰত চৰকাৰে বাংলাদেশক নিজৰ মাটি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।
বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বাংলাদেশ । বছৰ বছৰ ধৰি চলি অহা ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা এতিয়া বন্ধ কৰা হৈছে । ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ ২৪ পৰগনাৰ পেট্ৰাপল বন্দৰত। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ২০২০ চনত আৰম্ভ হৈছিল ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থা। যাৰ অধীনত ভাৰত চৰকাৰে বাংলাদেশক নিজৰ মাটি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। জনা যায় যে, পদ্ম নদীৰ পাৰৰ ৰাজ্যসমূহে এই ভূমি বা ষ্টেচন ব্যৱহাৰ কৰি ভূটান, নেপাল, ম্যানমাৰ আদি কেইবাখনো দেশৰ সৈতে ব্যৱসায় চলায়।
বাংলাদেশে সমগ্ৰ বিশ্বতে নিজা বস্ত্ৰ ৰপ্তানি কৰে। বাংলাদেশৰ সেই ৰপ্তানি ব্যৱসায়ক সমৰ্থন কৰি আহিছে ভাৰতে । আগতে ভাৰতৰ সীমান্তত বাংলাদেশৰ সামগ্ৰী প্ৰথমে আহিছিল। তাৰ পিছত ভাৰতৰ কোনো বন্দৰ বা বিমানবন্দৰৰ জৰিয়তে নিৰ্দিষ্ট দেশলৈ ৰপ্তানি কৰা হয় । গতিকে ক’ব পাৰি যে, এই ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থাৰ পৰা লাভ হৈছিল বাংলাদেশৰ। প্ৰকাশিত খবৰ অনুসৰি, এতিয়া এই ব্য়ৱস্থা বন্ধ কৰা হৈছে ।