ভাৰতীয় নৌ সেনাই আৰৱ সাগৰৰ পৰা পাকিস্তানক দিলে সকীয়নি…
আৰৱ সাগৰৰ পৰা ভাৰতে পাকিস্তানক দিলে সকীয়নি। দেওবাৰে ভাৰতীয় নৌ সেনাই আৰৱ সাগৰত অনুশীলন চলাই কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি এক প্ৰকাৰ পাকিস্তানক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।
শান্ত হোৱা নাই ভাৰত। ভাৰতীয় নৌসেনাই দেওবাৰে এটা ভিডিঅ’ পোষ্ট কৰি এই কথাকেই যেন সোঁৱৰাই দিলে। পহলগাম আক্ৰমণৰ ঘটনাৰ পাছত কৰাচী বন্দৰত পাকিস্তানৰ নৌসেনাৰ উপস্থিতি বৃদ্ধি পোৱা দেখা গৈছে। পাকিস্তানী সেনাই কৰাচীত কৰি গৈছে অনুশীলন। পাইনলেব আৰু অণ্টোআৰ্থৰ দৰে কেইবাটাও কোম্পানীৰ উপগ্ৰহৰ ছবিৰ পৰা এনে বহু তথ্য পোহৰলৈ আহিছে।
ইয়াৰ মাজতে ভাৰতীয় নৌসেনাই পাকিস্তানক দিলে বিশেষ সকীয়নি। দেওবাৰে আৰৱ সাগৰত ভাৰতীয় নৌসেনাই বিশেষ অনুশীলন চলায়। ইতিমধ্যে ইয়াৰ ভিডিঅ নৌ সেনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। নৌ সেনাই কেনেকৈ দূৰত আত্মগোপন কৰি থকা শত্ৰুৰ জাহাজ ধ্বংস কৰিব পাৰে তাৰ অনুশীলন কৰে। ইয়াৰ বাবে ভাৰতীয় নৌ সেনাই এটাৰ পাছত আনটো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি অনুশীলন চলায়।