শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পুনৰ বাংলাদেশত হিন্দু নেতাক হত্যা! তীব্ৰ গৰিহনা ভাৰতৰ...

পুনৰ বাংলাদেশত হিন্দু নেতাক হত্যা! তীব্ৰ গৰিহনা ভাৰতৰ…

barasha-sarma
Barasha Sarma | Published: 20 Apr 2025 23:42 PM

বাংলাদেশত হিন্দু আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে ভাৰতে। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, "বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰায়ৰ অপহৰণ আৰু হত্যাক লৈ আমি চিন্তিত।

বাংলাদেশত পুনৰ সংঘটিত হৈছে হিন্দু আক্ৰমণৰ ঘটনা।  ঘৰৰ পৰা অপহৰণ কৰি মাৰপিট কৰি হত্যা কৰিলে এজন হিন্দু নেতাক। আপাৰ বাংলাৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা এই অত্যাচাৰক লৈ ভাৰত আৰু মৌন হৈ থাকিব নোৱাৰিলে। ইউনুছ চৰকাৰক এক শক্তিশালী বাৰ্তা দি কয় যে, “হিন্দুকে ধৰি সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰক।”

উল্লেখ্য যে, বাংলাদেশৰ দিনাজপুৰৰ বাসুদেৱপুৰ গাঁৱৰ নিবাসী ভৱেশ চন্দ্ৰ ৰায় (৫৮) নামৰ এজন লোকক বৃহস্পতিবাৰে নিশা দুষ্কৃতিকাৰীয়ে অপহৰণ কৰে। পৰৱৰ্তী সময়ত তেওঁক মাৰপিট কৰি ঘৰৰ সন্মুখত পেলাই থৈ যায়। লগে লগে তেওঁক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাক  তীব্ৰ গৰিহনা দিছে ভাৰতে।