শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতৰ ব্ৰহ্মাস্ত্ৰই দিব পাৰে চীনক প্ৰতিৰোধৰ সুযোগ! সম্পন্ন হোৱাৰ দিশে ৪৫ কোটি ডলাৰৰ ব্ৰাহ্মছ মিছাইল চুক্তি

ভাৰতৰ ব্ৰহ্মাস্ত্ৰই দিব পাৰে চীনক প্ৰতিৰোধৰ সুযোগ! সম্পন্ন হোৱাৰ দিশে ৪৫ কোটি ডলাৰৰ ব্ৰাহ্মছ মিছাইল চুক্তি

monjit-dutta
Monjit Dutta | Updated On: 06 Feb 2025 20:20 PM

ইতিহাসত সৰ্বাধিক প্ৰতিৰক্ষা সামগ্ৰ ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত। ইণ্ডোনেছিয়াৰ সৈতে ভাৰতৰ ৪৫ কোটি ডলাৰৰ ব্ৰাহ্মছ মিছাইল চুক্তি সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে। এই  চুক্তিৰে ভাৰতে একপ্ৰকাৰে কূটনৈতিকভাৱে চীনক দমন কৰাৰ সুযোগ লাভ কৰিছে

ইতিহাসত সৰ্বাধিক প্ৰতিৰক্ষা সামগ্ৰ ৰপ্তানি কৰিবলৈ সাজু হৈছে ভাৰত। ইণ্ডোনেছিয়াৰ সৈতে ভাৰতৰ ৪৫ কোটি ডলাৰৰ ব্ৰাহ্মছ মিছাইল চুক্তি সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে। এই  চুক্তিৰে ভাৰতে একপ্ৰকাৰে কূটনৈতিকভাৱে চীনক দমন কৰাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে ভাৰতৰ পৰা ব্ৰাহ্মছ ক্ৰয় কৰিবলৈ ফিলিপাইনছৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ডৰ দৰে কমেও ৬ খন দেশে আগ্ৰহ প্ৰকাশ কৰি আহিছে। এই দেশ কেইখনৰ একমাত্ৰ সংযোগ আছে চুবুৰীয়া চীন আৰু ভাৰতৰ সৈতে। কিন্তু দীৰ্ঘদিন চীনৰ সৈতে চলি থকা দেশকেইখনৰ ভূমি বিবাদৰ সুযোগ গ্ৰহণ কৰিব পাৰে ভাৰতে।

কূটনীতিবিদ আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, চীনক প্ৰতিহত কৰিবলৈ ভাৰতে গ্ৰহণ কৰিব পাৰে ৰক-ইন-দ্য-ৱাল কৌশল। ভাৰতে বিগত এবছৰত যথেষ্ট হ্ৰাস কৰিছে এই ব্যয়বহুলতা। একে সময়তে মিনি ব্ৰাছহ্মৰ কামো সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে ভাৰত।