শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Air Force, Ghatak: দিল্লীৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিব ভাৰতে

Indian Air Force, Ghatak: দিল্লীৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিব ভাৰতে

trishna-kalita
Trishna Kalita | Updated On: 08 Apr 2025 21:25 PM

বৰ্তমানলৈকে সেনাৰ পৰিকল্পনা অনুসৰি ঘাতক UCAV নিৰ্মাণৰ দায়িত্ব থাকিব DRDO-ৰ। যিসকল স্থানত সেনাৰ প্ৰৱেশ দুৰূহ বা বিপজ্জনক, যিবোৰ ঠাই শত্রুৰ কঠোৰ নজৰত থাকে, সেই স্থানসমূহত আক্ৰমণ চলাব ঘাতক UCAV-এ। ই মাটিৰ অলপ ওপৰলৈ উৰি যাব পাৰে, ফলত ৰেডাৰত ধৰা পেলাব নোৱাৰিব।

ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰত মানুহৰ প্ৰয়োজনীয়তা দিনক দিনে হ্ৰাস পাইছে। এতিয়া যাৰ হাতত থাকিব অধিক ‘ঘাতক’ ড্ৰোন, সেইখন দেশ যুদ্ধত সকলোতকৈ অগ্ৰগামী দেখা যাব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ইয়াৰ প্ৰমাণ। সেয়েহে ভাৰতৰ বায়ুসেনাই ভাৰতৰ অস্ত্ৰভাণ্ডাৰত নিৰ্মাণ কৰিব বিচাৰিছে  যুদ্ধ বিমানৰ সমতুল্য বিস্ফোৰক কঢ়িয়াই নিব পৰাকৈ এখন বিশাল মানৱবিহীন ড্ৰোন।

বৰ্তমানলৈকে সেনাৰ পৰিকল্পনা অনুসৰি ঘাতক UCAV নিৰ্মাণৰ দায়িত্ব থাকিব DRDO-ৰ। যিসকল স্থানত সেনাৰ প্ৰৱেশ দুৰূহ বা বিপজ্জনক, যিবোৰ ঠাই শত্রুৰ কঠোৰ নজৰত থাকে, সেই স্থানসমূহত আক্ৰমণ চলাব ঘাতক UCAV-এ। ই মাটিৰ অলপ ওপৰলৈ উৰি যাব পাৰে, ফলত ৰেডাৰত ধৰা পেলাব নোৱাৰিব। আকৃতিৰ দিশে এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে বায়ু ঘর্ষণে ইয়াৰ গতি কম কৰিব নোৱাৰে। এই ঘাতকে শত্ৰুৰ বায়ু সেনাৰ লক্ষ্য নপৰাকৈয়ে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিবলৈ সক্ষম হ’ব।  সেনাৰ পৰিকল্পনা অনুসৰি, চীনৰ ওপৰত চকু ৰাখিব লাইন অফ একচুৱেল কণ্ট্ৰোল (LAC) আৰু পাকিস্তানক লক্ষ্য কৰিবলৈ লাইন অফ কণ্ট্ৰোল (LOC)-ত মোতায়ন কৰা হ’ব ঘাতকক।