৪০ কিলোমিটাৰ দূৰতেই ৰোধিব শত্ৰুক, ভাৰতীয় সেনাৰ হাতত নতুন অস্ত্ৰ
এই নতুন প্ৰযুক্তিৰ সহায়ত ‘সেনাবাহিনী’ শক্তিশালী হ’ব । ইয়াৰ পূৰ্বে ভাৰতে লাইন অৱ একচুৱেল কণ্ট্ৰল বা এল এ চিত চীনৰ আক্ৰমণ ৰোধ কৰিবলৈ আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জো নিৰ্মাণ কৰিছিল । এইবাৰ সেই নীতিৰ আধাৰত এই নতুন আৰ্টিলাৰী গান নতুন বছৰত দেশৰ সকলো স্পৰ্শকাতৰ সীমান্ত অঞ্চলত স্থাপন কৰিবলৈ ওলাইছে ভাৰতে ।
সীমান্তত পাকিস্তান আৰু চীনৰ চোৰাংচোৱাগিৰি ধৰা পেলাবলৈ কিছুদিন পূৰ্বে ‘অশ্বিনী’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । দেশৰ অন্যতম প্ৰতিৰক্ষা গৱেষণা সংস্থা ডি আৰ ডি অ’ৰ সহযোগী প্ৰতিষ্ঠান বি ই এলৰ পৰা মুঠ ১৮খন নিম্নস্তৰৰ পৰিবহণযোগ্য ৰাডাৰ (এল এল টি আৰ) মুঠ ২৯০৬ কোটি টকাত ক্ৰয় কৰিবলৈ ওলাইছে ।
এতিয়া ‘অশ্বিনী’ক ব্যৱহাৰ কৰাৰ উপৰিও কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।
জানিব পৰা মতে, কেইবাটাও ব্যক্তিগত কোম্পানীয়ে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন (ডি আৰ ডি অ’)ৰ সৈতে যৌথভাৱে এই আৰ্টিলাৰী গান ব্যৱস্থাসমূহ বিকশিত কৰি আছে । সাধাৰণতে যিকোনো উচ্চ প্ৰযুক্তিৰ সামৰিক সঁজুলিৰ বাবে প্ৰায়ে ৰাছিয়া বা আমেৰিকাৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল ভাৰত । কিন্তু এই ‘বিশেষ আৰ্টিলাৰী গান’ৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা অতি কম । এই আৰ্টিলাৰী গান ব্যৱস্থা নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ ৬৫ শতাংশই দেশৰ ভিতৰতে উৎপাদিত হয় । যিয়ে অৱশেষত প্ৰতিৰক্ষা খণ্ডতো ভাৰতক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব ।
ছুপাৰ পাৱাৰ হ’ব ভাৰত
এই নতুন প্ৰযুক্তিৰ সহায়ত ‘সেনাবাহিনী’ শক্তিশালী হ’ব । ইয়াৰ পূৰ্বে ভাৰতে লাইন অৱ একচুৱেল কণ্ট্ৰল বা এল এ চিত চীনৰ আক্ৰমণ ৰোধ কৰিবলৈ আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জো নিৰ্মাণ কৰিছিল । এইবাৰ সেই নীতিৰ আধাৰত এই নতুন আৰ্টিলাৰী গান নতুন বছৰত দেশৰ সকলো স্পৰ্শকাতৰ সীমান্ত অঞ্চলত স্থাপন কৰিবলৈ ওলাইছে ভাৰতে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই আৰ্টিলাৰী বন্দুকৰ দীঘল বেৰেলে প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা শত্ৰুক সহজেই ধ্বংস কৰিব পাৰে । শত্ৰু দূৰত থাকিলেও এই ‘বিশেষ বন্দুক’ মিনিটৰ ভিতৰতে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম ।