জলসীমাত অত্যাধুনিক শক্তিৰে শক্তিধৰ হ’ব ভাৰতঃ শত্ৰুৰ সমুখত দেখা যাব ‘ৰুদ্ৰ’ৰ তাণ্ডৱ
ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ এক অন্যতম প্ৰধান অস্ত্ৰ হিচাপে বিবেচিত হৈ আহিছে ‘ৰুদ্ৰ’। এই অস্ত্ৰ এতিয়া অধিক ক্ষমতাশালী আৰু বিপজ্জনক ৰূপত গঢ় লৈ উঠিছে। দেশৰ আন এক শক্তিশালী অস্ত্ৰ ব্ৰাহ্মছৰ অত্যাধুনিক সংস্কৰণ ব্ৰাহ্মছ এন জিৰ পিছত ভাৰতৰ জলসীমাক এতিয়া অধিক সুৰক্ষিত কৰি তুলিব পৰাকৈ আহি আছে নতুন প্ৰজন্মৰ ‘ৰুদ্ৰ এম ৪’ মিছাইল বা ‘ৰুদ্ৰম ৪’।
ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ এক অন্যতম প্ৰধান অস্ত্ৰ হিচাপে বিবেচিত হৈ আহিছে ‘ৰুদ্ৰ’। এই অস্ত্ৰ এতিয়া অধিক ক্ষমতাশালী আৰু বিপজ্জনক ৰূপত গঢ় লৈ উঠিছে। দেশৰ আন এক শক্তিশালী অস্ত্ৰ ব্ৰাহ্মছৰ অত্যাধুনিক সংস্কৰণ ব্ৰাহ্মছ এন জিৰ পিছত ভাৰতৰ জলসীমাক এতিয়া অধিক সুৰক্ষিত কৰি তুলিব পৰাকৈ আহি আছে নতুন প্ৰজন্মৰ ‘ৰুদ্ৰ এম ৪’ মিছাইল বা ‘ৰুদ্ৰম ৪’। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ ভাৰতে উন্নত প্ৰযুক্তিৰে নৌসেনাৰ জাহাজ বিৰোধী অস্ত্ৰ ব্যৱস্থা বিকশিত কৰি তুলিছে।
নৌসেনাৰ এণ্টি-শ্বিপ মিছাইলৰ মধ্যমীয়া (NASM-MR) আৰু দীৰ্ঘ দূৰত্বৰ ষ্টেণ্ড অফ ৱেপন (LRSOW) সংস্কৰণ হিচাপে ‘ৰুদ্ৰ-এম-৪’ বা ‘ৰুদ্ৰম ৪’ সাজু কৰি তুলিছে ডি আৰ ডি অ’ই।