মাৰ্চৰ ভিতৰতে ৰন্ধন গেছৰ গ্ৰাহকে কৰিব লাগিব এনে কাম, অন্যথা হ’ব পাৰে সমস্যা
এল পি জি বিতৰকসকলক শীঘ্ৰে কে ৱাই চি আপডেট কৰিবলৈ নিৰ্দেশ দিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে। অৰ্থাৎ চলিত মাহৰ ভিতৰতে গ্ৰাহকসকলে ৰন্ধন গেছৰ বাবে কে ৱাই চি কৰিব লাগিব।
ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে এক অত্যন্ত প্ৰয়োজনীয় খবৰ। চলিত মাৰ্চ মাহৰ ভিতৰতে ৰন্ধন গেছৰ গ্ৰাহকসকলে এক বিশেষ কাম কৰিব লাগিব। অন্যথা গেছ ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকসকল কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। এল পি জি বিতৰকসকলক শীঘ্ৰে কে ৱাই চি আপডেট কৰিবলৈ নিৰ্দেশ দিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে। অৰ্থাৎ চলিত মাহৰ ভিতৰতে গ্ৰাহকসকলে ৰন্ধন গেছৰ বাবে কে ৱাই চি কৰিব লাগিব। বিগত বৰ্ষতে ৰন্ধন গেছৰ বাবে কে ৱাই চি আপডেটৰ নিৰ্দেশ প্ৰদান কৰিছিল চৰকাৰী তেল কোম্পানীটোৱে।
এনে নিৰ্দেশনা অনুসৰি কে ৱাই চি আপডেটৰ কাম আৰম্ভ হৈছে যদিও এই প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। শেহতীয়াকৈ ইণ্ডিয়ান অইল গেছ বিতৰকসকলৰ সৈতে এই বিষয়ত বৈঠকত মিলিত হৈছিল বুলিও জানিব পৰা গৈছে।