শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Railway: নবীকৰণযোগ্য শক্তিৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে কি পৰিকল্পনা ভাৰতীয় ৰে'লৱেৰ?

Indian Railway: নবীকৰণযোগ্য শক্তিৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে কি পৰিকল্পনা ভাৰতীয় ৰে’লৱেৰ?

manas-borah
Manas Borah | Published: 04 Mar 2025 22:35 PM

২০৩০ চনৰ ভিতৰত ৩ গিগাৱাট নবীকৰণযোগ্য শক্তি আৰু ৩ গিগাৱাট তাপ আৰু পাৰমাণৱিক শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে। বিতৰণ কোম্পানীসমূহৰ সৈতে চুক্তিৰ জৰিয়তে ট্ৰেকচনৰ বাবে প্ৰয়োজনীয় বাকী ৪ গিগাৱট শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে।

নেট জিৰ’ ২০৩০ৰ অধীনত নবীকৰণযোগ্য শক্তিৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে ভাৰতীয় ৰে’লৱেই । ইয়াৰ অংশ হিচাপে পাৰমাণৱিক শক্তি, সৌৰশক্তি, জলবিদ্যুৎ, বতাহ আৰু তাপ শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব দিছে ভাৰতীয় ৰে’লৱে । ইফালে, ২০৩০ চনৰ ভিতৰত ৰে’লৰ বাবে প্ৰয়োজনীয় 10 GW(গিগাৱট) ট্ৰেকচন শক্তি উৎপাদন কৰিব পৰা যাব বুলিও আশা কৰা হৈছে।

২০৩০ চনৰ ভিতৰত ৩ গিগাৱাট নবীকৰণযোগ্য শক্তি আৰু ৩ গিগাৱাট তাপ আৰু পাৰমাণৱিক শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে। বিতৰণ কোম্পানীসমূহৰ সৈতে চুক্তিৰ জৰিয়তে ট্ৰেকচনৰ বাবে প্ৰয়োজনীয় বাকী ৪ গিগাৱট শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে।

ৰে’লৱেৰ বিষয়াসকলৰ মত, ৰে’লৱেই শক্তি মন্ত্ৰালয়ৰ পৰা ২ গিগাৱাট পাৰমাণৱিক শক্তিৰ বাবে কৰিছে আবেদন। যৌথ উদ্যোগৰ সৈতে শক্তি ক্ৰয় চুক্তিৰ পৰা ২ গিগাৱট তাপ শক্তি ক্ৰয় কৰিব ভাৰতীয় ৰে’লৱে। লগতে জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰয়োজনীয় ১.৫ গিগাৱাট বিদ্যুৎ যোগাৰ কৰা পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে ।