শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Railway: ষ্টেচনত প্ৰৱেশ কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰী...

Indian Railway: ষ্টেচনত প্ৰৱেশ কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰী…

manas-borah
Manas Borah | Published: 08 Mar 2025 18:24 PM

শেহতীয়াকৈ দেশৰ ব্যস্ত ৰে’ল ষ্টেচনত ভিৰ নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত হৈছিল এক উচ্চ পৰ্যায়ৰ বৈঠক। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বৈঠক । এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰে’লৱে ।

ৰে’ল ষ্টেচনত ভিৰ নিয়ন্ত্ৰণত অধিক গুৰুত্ব দিছে ভাৰতীয় ৰে’লৱে । পিছে এই ভিৰ নিয়ন্ত্ৰণ কৰিব কেনেকৈ ? ভাৰতত প্ৰত্যেক দিনে লাখ লাখ যাত্ৰীয়ে কৰে ৰে’ল যাত্ৰা । সেয়েহে নতুন দিল্লী,পাটনা আদিৰ দৰে ষ্টেচনত যাত্ৰীৰ সৰ্বাধিক ভিৰ দেখা যায় । শেহতীয়াকৈ দেশৰ ব্যস্ত ৰে’ল ষ্টেচনত ভিৰ নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত হৈছিল এক উচ্চ পৰ্যায়ৰ বৈঠক। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বৈঠক । এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰে’লৱে ।

এই বৈঠকত দেশৰ ৬০ টা ব্যস্ত ষ্টেচনত স্থায়ী ৱেটিং এলেকা সৃষ্টি কৰাৰ বাবে লোৱা হয় সিদ্ধান্ত। সেই অনুসৰি, প্ৰথমে নতুন দিল্লী, আনন্দ বিহাৰ, বাৰাণসী, অযোধ্যা আৰু পাটনা ষ্টেচনৰ পৰা আৰম্ভ হ’ব পদক্ষেপ । একে সময়তে বৈধ টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব ৰে’লৱে। ষ্টেচনত প্ৰৱেশ কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰী। ষ্টেচনৰ বাহিৰৰ ৱেটিং এলেকাত থাকিব লাগিব এই যাত্ৰীসকল।