বন্দে ভাৰতৰ যাত্ৰীৰ বাবে নতুন সুবিধা, উপলব্ধ হ’ব পেকেজড খাদ্য

Mar 14, 2025 | 10:26 PM

ভাৰতৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে, যদি ৰে’লত ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰৰ খাদ্যৰ লগতে কিছু স্নেকছৰো ব্যৱস্থা কৰা, তেন্তে সেয়া সুবিধাজনক হ’ব। যাত্ৰীসকলৰ এই দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰে’লৱেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰে পৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লত উপলব্ধ হ’ব পেকেজড খাদ্যও।

যাত্ৰীসকলৰ বাবে আন এক ভাল খবৰ। এইবাৰ বন্দে ভাৰত ৰে’লত দুপৰীয়াৰ আহাৰ-ৰাতিৰ আহাৰ গ্ৰহণৰ লগতে পাব আন কিছু পাতল খাদ্য। ৰে’ল যাত্ৰাৰ সময়ত যদি অলপ ভোক লাগে তেন্তে চিপচ, শীতল পানীয়, বিস্কুটৰ দৰে পেক কৰা খাদ্যও উপলব্ধ হ’ব বন্দে ভাৰতত।